![]()
দেশৰ শাসকীয় দল বিজেপি (BJP) ৰ বিভিন্ন নেতা-মন্ত্ৰীৰ মুখত ইতিহাস পুনৰ লিখাৰ কথা বাৰে বাৰে শুনা গৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে (Central Home Minister Amit Shah) ইয়াৰ পূৰ্বেও বিদেশী শক্তিৰ প্ৰভাৱৰ পৰা মুক্ত ইতিহাস লিখাৰ কথা কৈছে।

বৃহস্পতিবাৰে তেওঁ আৰু এবাৰ নতুন ইতিহাস লিখিবলৈ কʼলে। নতুন দিল্লীত (Delhi) এক গ্ৰন্থ উন্মোচনী অনুষ্ঠানত অংশগ্ৰহণ কৰি শ্বাহে কয় যে ব্ৰিটিছ গুচি গʼলেও ইতিহাস এতিয়াও তেওঁলোকৰ দৃষ্টিকোণেৰে লিখা আছে। তেওঁ ভাৰতৰ দৃষ্টিকোণৰ পৰা ইতিহাস লিখাৰ প্ৰয়োজনীয়তাৰ কথা সোঁৱৰাই দিয়ে।
তেওঁৰ বক্তব্যৰ সমৰ্থনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিষয়টোও উত্থাপন কৰে। তেওঁৰ ভাষাত, “প্ৰধানমন্ত্ৰীয়ে আমাৰ ইতিহাসক ব্ৰিটিছ উপনিবেশবাদৰ পৰা মুক্ত কৰাৰ কথা কৈছিল। আমি এইবাৰ সেইটো কৰিবলৈ চেষ্টা কৰা উচিত।” শ্বাহে দাবী কৰে যে বিনায়ক দামোদৰ সাৱৰকাৰে ভাৰতৰ দৃষ্টিকোণৰ পৰা ইতিহাস লিখিবলৈ চেষ্টা কৰিছিল।
তেওঁ কয়, “বীৰ সাৱৰকাৰেই প্ৰথমে ১৮৫৭ চনৰ মহাবিদ্ৰোহক ভাৰতৰ প্ৰথম স্বাধীনতা যুদ্ধ বুলি উল্লেখ কৰিছিল।” অসহযোগ আন্দোলনৰ কথাও শ্বাহৰ কথাত আহিল। তেওঁ কয়, “স্বাধীনতা লাভৰ ক্ষেত্ৰত অসহযোগ আন্দোলনৰ ভূমিকা নিশ্চয় আছে, কিন্তু তাৰ অৰ্থ এইটো নহয় যে সশস্ত্ৰ আন্দোলনৰ কোনো ভূমিকা নাই।”
দিল্লীলৈ যোৱাৰ পথত নেতাজী সুভাষ চন্দ্ৰ বসুৰ প্ৰতিমূৰ্তি দেখি তেওঁ “পৰিতৃপ্ত” হোৱা বুলিও দাবী কৰে শ্বাহে। অসহযোগ আন্দোলনৰ ভূমিকা সম্পৰ্কে মন্তব্য কৰি এই প্ৰশ্ন উত্থাপন হয় যে শ্বাহে স্বাধীনতা সংগ্ৰামত গান্ধীৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন কৰিছে নেকি। ইতিহাস অধ্যয়ন আৰু লেখাৰ ক্ষেত্ৰত এতিয়াও বহু বিভ্ৰান্তি আছে বুলিও তেওঁ দাবী কৰে।













