![]()
বিবাহিতা প্ৰেমিকাক হত্যা (Beloved Killed) কৰাৰ পিছত তেওঁৰ মৃতদেহটো কাটি চাৰিটা স্থানত বিয়পাই দিয়াৰ অভিযোগ উত্থাপন হৈছে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্তক। অৱশ্যে মৃতকৰ শৰীৰৰ কিছু অংশ এতিয়াও উদ্ধাৰ হোৱা নাই।

২২ জানুৱাৰীত গুড্ডীৰ পৰিয়ালে থানাত এখন নিৰুদ্দেশ আবেদন দাখিল কৰে। ইয়াৰ পিছতে তেওঁৰ প্ৰেমিক অনোপৰমক গাঁৱতে গ্ৰেপ্তাৰ কৰা হয়। আৰক্ষীৰ জেৰাত তেওঁ হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰে। লগতে তেওঁ আৰক্ষীক জনায়, গুড্ডীৰ শৰীৰৰ অংগসমূহ কʼত কেনেকৈ বিয়পাইছিল।

গুড্ডীয়ে তেওঁক বিয়াৰ বাবে হেঁচা প্ৰয়োগ কৰা বুলি আৰক্ষীৰ আগত অভিযুক্তই দাবী কৰে। সেইবাবেই এই হত্যাকাণ্ড সংঘটিত হৈছে। প্ৰেমিকাৰ শৰীৰৰ অংগসমূহ গাঁৱৰ এটা কুঁৱাত পেলাই দিয়াৰ দাবী অভিযুক্তৰ। তিনিদিন ধৰি মৃতদেহটো বিচাৰি আৰক্ষীয়ে অভিযান চলাই আছে। ড্ৰোন কেমেৰাও (Drone) নমাই দিয়া হৈছে।
তদন্তৰ অন্তত আৰক্ষীয়ে গাঁৱৰ জোপোহাত তেজৰ দাগ পৰা কাপোৰ আৰু চুলিৰ ক্লিপ উদ্ধাৰ কৰে। গাঁওবাসীয়ে জনোৱা মতে, শেষবাৰৰ বাবে গুড্ডীক অভিযুক্ত যুৱকজনৰ সৈতে মটৰচাইকেলত দেখা পাইছিল। ইয়াৰ পিছতে যুৱকজনক গ্ৰেপ্তাৰ কৰা হয়। প্ৰমাণ সংগ্ৰহ কৰাৰ পিছত আৰক্ষীয়ে হত্যাৰ গোচৰ ৰুজু কৰে।
নগৌৰ জিলা আৰক্ষী অধীক্ষক ৰামমূৰ্তি যোশীয়ে কয় যে ধৃত যুৱকজনে প্ৰথমে ভুল তথ্যৰে আৰক্ষীক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰিছিল। কিন্তু পিছত তেওঁ হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰে। জয়পুৰত (Jaipur) তেওঁৰ পলিগ্ৰাফ টেষ্টৰ ব্যৱস্থা কৰা হৈছে।











