![]()
পশ্চিম কাৰ্বিআংলং জিলাৰ (West Karbi Anglong) বৈঠালাংছ (Baithalangso) আৰক্ষী থানাৰ অন্তৰ্গত লিংডিং অঞ্চলত হাতীৰ (Elephant) উপদ্ৰৱে অঞ্চলবাসীৰ বিস্তৰ ক্ষতি সাধন কৰিছে। খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা নিশা ওলাই অহা বনৰীয়া হাতীয়ে নিতৌ বৃহত্তৰ লিংডিং, দলনী গাঁৱত বাৰীৰ কল, তামোল আদি খায় তহিলং কৰাৰ লগতে মানুহৰ ঘৰৰ ভঁৰাল ভাঙি বিস্তৰ ক্ষতি সাধন কৰিছে।

উল্লেখ্য যে, বিগত নিশা হাতীৰ এই উপদ্ৰৱৰ পৰা পৰিত্ৰাণ পাবলৈ গঞাই জুই লৈ খেদি যাওঁতে আৰৱিন ৰংহাং নামৰ এগৰাকী ব্যক্তিৰ মৃত্যু হয়। তেওঁ যোৱানিশা হাতী খেদিবলৈ যোৱাৰ পিছৰে পৰা নিৰুদ্দেশ হোৱাৰ ফলত আজি গঞাই ৰাতিপুৱা বিচাৰ খোচাৰ কৰাত পথাৰত তেওঁৰ মৃতদেহ উদ্ধাৰ কৰে।












