![]()
আম্বেদকাৰৰ জন্মদিনত কেন্দ্ৰীয় চৰকাৰ আৰু বিজেপিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ (PM Narendra Modi) বহুত্ববাদী পৰিচয়ক উজ্জ্বল কৰি তুলিবলৈ খোজ দিলে। আজি কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী জন বাৰ্লাই (John Barla) কেইবাটাও টুইটযোগে জনাইছে দেশৰ বিভিন্ন সাম্প্ৰদায়িক আৰু ধৰ্মীয় অনুষ্ঠানত মোডী উপস্থিত থকাৰ খতিয়ান। অসমৰ বিহু উৎসৱৰ পৰা আৰম্ভ কৰি ইষ্টাৰলৈকে সাম্প্রতিক সময়ত কেনেদৰে সকলোতে মোডী উপস্থিত আছে, সেই বিষয়েও দল আৰু চৰকাৰে বিতংভাৱে ব্যক্ত কৰিছে৷

ৰাজনৈতিক মহলৰ মতে, প্ৰধানমন্ত্ৰীৰ ভাবমূৰ্তি পুনৰ নিৰ্মাণৰ বাবে কেন্দ্ৰীয় প্ৰশাসন আৰু বিজেপি নেতৃত্বৰ এয়া এক সচেতন প্ৰয়াস। আমেৰিকা আৰু পশ্চিমীয়া বিশ্বই তেওঁলোকৰ বিভিন্ন প্ৰতিবেদনত প্ৰত্যক্ষ বা পৰোক্ষভাৱে মোডী চৰকাৰক বাৰে বাৰে সমালোচনা কৰি আহিছে। অসহিষ্ণুতা, ধৰ্মীয় সংখ্যালঘুৰ ওপৰত অত্যাচাৰ, সাম্প্ৰদায়িকতাৰ অভিযোগ উত্থাপন হৈছে।
বাৰ্লাই টুইট কৰি কয়, “যোৱা কিছুদিনত প্ৰধানমন্ত্ৰীয়ে দুটা অনুষ্ঠান পৰিদৰ্শন কৰিছে, যাৰ গভীৰ সাংস্কৃতিক তাৎপৰ্য্য আছে। ৰাজ্যিক মন্ত্ৰী মুৰুগঞ্জীৰ ঘৰত তামিল নৱবৰ্ষৰ এক অনুষ্ঠান। আনটো হʼল দিল্লীৰ এটা গীৰ্জাত ইষ্টাৰ উদযাপন। এই দুটা ঘটনাই প্ৰধানমন্ত্ৰীৰ বিভিন্ন সংস্কৃতিৰ প্ৰতি থকা সন্মানৰ দিশটো চৰ্চালৈ আনিছে।” বিজেপিৰ ফালৰ পৰা কোৱা হৈছে, “প্ৰধানমন্ত্ৰীয়ে নিজেই ভাৰতৰ সাংস্কৃতিক বৈচিত্ৰ্যৰ বিভিন্ন উৎসৱত উপস্থিত থাকিবলৈ চেষ্টা কৰে।”
তেওঁ বিহু উৎসৱত অংশগ্ৰহণ কৰিবলৈ অসমলৈ আহিছিল। ইয়াৰ পূৰ্বে আছিল তামিল নৱবৰ্ষৰ অনুষ্ঠান। যোৱা সপ্তাহত ইষ্টাৰ। বিগত মাহত প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি ভেংকয়া নাইডুৱে আয়োজন কৰা উগাড়ি উৎসৱত মোদীয়ে অংশ লৈছিল। ফেব্ৰুৱাৰী মাহত তেওঁ দিল্লীৰ টলকতোৰা ষ্টেডিয়ামত কানাড়া সাংস্কৃতিক মহোৎসৱ উদ্বোধন কৰে। বিগত বৰ্ষৰ নৱেম্বৰ মাহত দিল্লীৰ সংখ্যালঘুৰ ৰাষ্ট্ৰীয় আয়োগত গুৰু নানক জয়ন্তী উদযাপন কৰা হৈছিল। সেই মাহতে মণিপুৰৰ সাংগাই মহোৎসৱত ভাষণ প্ৰদান কৰে।
এইদৰে বিগত এবছৰত প্ৰধানমন্ত্ৰী মকৰ সংক্ৰান্তি, নৱৰাত্ৰি, গণেশ চতুৰ্থী, বুদ্ধ পূৰ্ণিমা, গুৰু ৰবিদাস জয়ন্তী উদযাপনত কʼত কেনেদৰে উপস্থিত আছিল তাৰ সবিশেষ সংখ্যালঘু মন্ত্ৰালয়ে দিছে।কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদ কুমাৰী শৈলজাৰ (Kumari Selja) ভাষাত, “আম্বেদকাৰৰ জন্মদিনত প্ৰধানমন্ত্ৰীয়ে নিজৰ প্ৰচাৰৰ বাট মুকলি কৰিছে। কিন্তু দেশত বাঢ়িছে দলিত অত্যাচাৰ। যদি তেওঁ দলিত সমাজৰ প্ৰতি ইমান গুৰুত্ব দিয়ে, তেন্তে মোদীয়ে তেওঁলোকৰ লোকপিয়ল কিয় কৰা নাই?”












