![]()
আমেৰিকাৰ সন্মানীয় লিংগুৱেষ্টিক ছ’চাইটি অফ আমেৰিকাজ ইন কমিউনিটি লিংগুৱেজটিক এৱাৰ্ড (২০২১) বঁটা প্ৰাপক বিশিষ্ট কবি সাহিত্যিক চিকাৰী তিছ’ক (Literary Shikari Tisso’) প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ১০০ সংখ্যক ‘মন কী বাত’ (Mann Ki Baat) অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে মনোনীত (Nominated) কৰা হৈছে৷ অহা ৩০ এপ্ৰিলত হবলগীয়া প্ৰধান মন্ত্ৰীৰ ২০০ সংখ্যক ‘মন কী বাত’ৰ অতিথি হিছাপে নিমন্ত্ৰণ লাভ কৰি সাহিত্যিক গৰাকীয়ে ইতিমধ্যে নতুন দিল্লীত বাহৰ পাতিছে ৷

উল্লেখ্য যে, কাৰবি ভাষা সাহিত্যৰ উত্তৰণৰ হকে নিৰৱে কাম কৰি অহা সাহিত্যিক গৰাকীয়ে এগৰাকী জাৰ্মান শিক্ষাবিদৰ সৈতে কাৰ্বি অভিধান প্ৰণয়নৰ সৈতেও জড়িত হৈ আছিল ৷বিশিষ্ট সাহিত্যিক গৰাকীয়ে এই অনুষ্ঠানত অংশ গ্ৰহণৰ বাবে ইতিমধ্যে নতুন দিল্লীৰ অশোকা হোটেলত চৰকাৰী অতিথি হিচাপে উপস্থিত হোৱা বুলি জানিব পৰা গৈছে ৷ সাহিত্যিক দৰাকীক প্ৰধান মন্ত্ৰীৰ কাৰ্যালয়ৰ তৰফৰ পৰা জনোৱা এনে আমন্ত্ৰণে সমগ্ৰ জিলাবাসীক গৌৰাৱন্বত কৰা বুলি বৌদ্ধিক মহলে আদৰণি জনোৱা পৰিলক্ষিত হৈছে ৷













