![]()
বিহাৰৰ সমসীপুৰ নিবাসী কৃষ্ণকুমাৰ ঝাৰ এখন দুচকীয়া স্কুটী আছে। কিন্তু বিহাৰৰ যান-বাহন বিভাগে (Bihar’s Traffic Department) স্কুটী চলাওঁতে ছিটবেল্ট নিপিন্ধা বুলি ধৰিলে! ছিটবেল্ট লৈ দুচকীয়া স্কুটী (Seatbelt two-wheeler scooty) কেনেকৈ চলাব লাগে সেই প্ৰশ্নৰ উত্তৰ বিচাৰি এতিয়া হাহাকাৰ কৰি আছে কৃষ্ণকুমাৰে (Krisna Kumar Jha)। সংবাদ সংস্থা পিটিআইক কৃষ্ণকুমাৰে কয়, “যোৱা ২৭ এপ্ৰিলত মই বাৰাণসীলৈ গৈ আছিলো।
ট্ৰেইনত থাকোঁতে মোৰ ফোনত মেছেজ আহিল। সেই বাৰ্তাত লিখা আছিল, মোৰ নামত হাজাৰ টকাৰ চালান এটা কৰ্তন কৰা হৈছে। বাৰ্তাটোত উল্লেখ কৰা হৈছে যে ২০২০ চনৰ অক্টোবৰ মাহত ছিটবেল্ট নিপিন্ধা বাবে চালান কৰ্তন কৰা হৈছিল। মোৰ এখন স্কুটী আছে। দুচকীয়া বাহনত ছিটবেল্ট নাথাকে বুলিয়ে মই জানো।”
তেওঁ কয় যে তেওঁৰ চালানৰ ধন ইতিমধ্যে জমা হৈ গৈছে বুলি মেছেজত উল্লেখ হৈছে। কৃষ্ণকুমাৰে দাবী কৰে, তেওঁৰ জ্ঞাত মতে, এনে ঘটনা কেতিয়াও হোৱা নাই।অৱশ্যে বিহাৰ যান-বাহন আৰক্ষীয়ে এই সন্দৰ্ভত অৱগত কৰে, কিছু যান্ত্ৰিক ভুলৰ বাবে চালান কটা হয়। যান-বাহন আৰক্ষীৰ এগৰাকী বিষয়াই পিটিআইক জনোৱা মতে, “চালানটো কৃষ্ণ কুমাৰৰ নামত লিখা আছিল। বৰ্তমান পুৰণি চালানৰ ই-চালান প্ৰক্ৰিয়া চলি আছে। তেনে কৰি থাকোঁতে হয়তো এই গণ্ডগোলটো হৈছে। ভুলটো কেনেকৈ হʼল তাৰ তদন্ত কৰা হʼব।”












