![]()
বোকাখাতৰ ৰজাবাৰীত (Rajabari of Bokakhat) পুত্ৰৰ স্মৃতিত পিতৃয়ে নামঘৰলৈ আগবঢ়ালে এখনি তোৰণ (Gate offered to Namghar)। বিগত ২০১৯ চনৰ ১৩ অক্টোবৰত ঘৰৰ নিচেই কাষতে ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এটি শোকবহ দুৰ্ঘটনাত ফটোগ্ৰাফীক হবি হিচাপে লোৱা বোকাখাত ৰজাবাৰীৰ উদীয়মান যুৱক ৰূপজ্যোতি বৰাৰ নিমিষতে জীৱনবন্তি নুমাই গৈছিল।

পিতৃ আৰক্ষী বিভাগৰ কৰ্মচাৰী বীৰেণ বৰাই পুত্ৰৰ স্মৃতি যুগমীয়া কৰিবৰ বাবে স্থানীয় মাধৱপুৰ নামঘৰত নিৰ্মান কৰি দিলে এখন স্থায়ী তোৰণ। যোৱা ১০ মে’ত ডবা শংখ, খোলত গুৰুঘাট, আয়তীৰ উৰুলিৰ মাজেৰে এই সুদৃশ্য তোৰণখন উন্মোচন কৰিলে বোকাখাত মহকুমা পালনাম সমিতিৰ সভাপতি বিনন্দ চন্দ্ৰ বৰুৱাই।
দুগছি বন্তি প্ৰজ্বলন কৰে বিনন্দ চন্দ্ৰ বৰুৱা আৰু দেৱানন্দ বৰাই।এই শুভ কামৰ উদ্দেশ্য মাধৱপুৰ নামঘৰত এভাগী শৰাই আগবঢ়োৱাৰ লগতে সম্পন্ন হৈছে কীৰ্তন পাঠ।অনুষ্ঠানৰ আঁত ধৰে জীৱন চন্দ্ৰ বৰাই।













