![]()
শেহতীয়াকৈ বহুলভাৱে চৰ্চিত হোৱা বলীউডৰ এটি যুটিয়ে আৰম্ভ কৰিবলৈ ওলাইছে নিজৰ জীৱনৰ দ্বিতীয় ইনিংছ। বিবাহৰ খবৰ শুনিয়েই সকলো উৎসাহিত হৈ পৰিছে। আপোনালোকে ধৰিব পাৰিছেনে এই বিবাহ কাৰ! এই বিবাহ হৈছে বি-টাউনৰ জনপ্ৰিয় অভিনেত্ৰী পৰিণীতি চোপ্ৰা (Parineeti Chopra) আৰু আপৰ সাংসদ ৰাঘৱ চাধ্বাৰ (Raghav Chadha)। আজিৰ দিনটোত অনুষ্ঠিত হ’ব তেওঁলোকৰ বাগদান অনুষ্ঠান।

নতুন দিল্লীস্থিত কাপুৰথলা হাউছত অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠানটিৰ বাবে বিগত বহু দিনৰ পৰাই ঘৰটো জাক-জমকতাৰে সজাই তোলা হৈছিল। চিনেমা তথা ৰাজনীতি ক্ষেত্ৰৰ বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকিবলগীয়া এই অনুষ্ঠানৰ বাবে এতিয়া সকলো অপেক্ষাৰত ফটো সমূহৰ বাবে।












