![]()
কৰ্ণাটক বিধানসভা নিৰ্বাচনত একক সংখ্যাগৰিষ্ঠতাৰে জয়লাভৰ পিছতেই বিপদত পৰিছে কংগ্রেছ সভাপতি মল্লিকার্জুন খাৰ্গে (Congress president Mallikarjun Kharge)।
১০০ কোটি টকাৰ মানহানি (Rs 100 crore defamation case) গোচৰত কংগ্রেছ সভাপতিগৰাকীক সোমবাৰে তলব কৰে পঞ্জাবৰ ছাঙৰুৰ আদালতে (Court of Sangru in Punjab)। কৰ্ণাটকত কংগ্রেছ ক্ষমতালৈ আহিলে বজৰং দলক নিষিদ্ধ কৰা হ’ব বুলি নির্বাচনী ইস্তাহাৰত জনাইছিল কংগ্রেছে। উক্ত ইস্তাহাৰক লৈয়ে কংগ্রেছ সভাপতিগৰাকীৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰে বজৰং দল হিন্দুস্তান নামৰ এটি সংগঠনৰ সভাপতি হীতেশ ভৰদ্বাজে।

উক্ত গোচৰতেই খাৰ্গেক তলব কৰে আদালতে। উল্লেখযোগ্য যে কংগ্রেছৰ নির্বাচনী ইস্তাহাৰত উল্লেখ কৰা হৈছিল যে ‘ধর্ম, জাতিৰ ভিত্তিত বিভিন্ন সম্প্রদায়ৰ মাজত ঘৃণা বিয়পোৱা ব্যক্তি আৰু সংগঠনৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ বদ্ধপৰিকৰ কংগ্রেছ।’
এই প্রসঙ্গতেই বজৰং দল, পিএফআইৰ দৰে সংগঠনবোৰক নিষিদ্ধ কৰাৰ কথা কোৱা হৈছিল ইস্তাহাৰত। কংগ্রেছ সভাপতিগৰাকীয়ে কৈছিল, ‘কংগ্রেছে জাতি আৰু ধর্মৰ ভিত্তিত সম্প্রদায়ৰ মাজত ঘৃণা বিয়পোৱা ব্যক্তি আৰু সংগঠনবোৰৰ বিৰুদ্ধে দৃঢ় আৰু নির্ণায়ক পদক্ষেপ গ্ৰহণ কৰিবলৈ প্রতিশ্রুতিবদ্ধ।’ কিন্তু এইবাৰ কৰ্ণাটকত নতুন চৰকাৰ গঠনৰ পূৰ্বেই কংগ্রেছৰ ইস্তাহাৰক লৈ আদালতলৈ গ’ল সংগঠনটি। সেই সূত্রেই খাৰ্গেৰ নামত চমন পঠালে আদালতে।











