![]()
আজিৰে পৰা ছবিগৃহত মুক্তি লাভ কৰা “শ্ৰী ৰঘুপতি” (Sri Raghupati) ক আদৰিবলৈ শেহতীয়াকৈ কেওদিশে আয়োজন চলিছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ (Dr. Himanta Biswa Sarma) পৰামৰ্শ অনুসৰি, অসম ৰাজ্যিক চলচিত্ৰ নিগমৰ অধ্যক্ষ সীমান্ত শেখৰৰ (Simanta Shekhar) সক্ৰিয়তা তথা বলিষ্ঠ নেতৃত্বত ছবিখনৰ প্ৰযোজক গোষ্ঠীৰ মাজত বুজাবুজি হয় আৰু আদালতত গোচৰটো প্ৰত্যাহাৰ কৰা হয়।

যোৱা শুকুৰবাৰে মুক্তি পাবলগীয়া ছবিখনক মহামান্য আদালতৰ আদেশ মৰ্মে স্থগিত কৰা হৈছিল। শেহতীয়াকৈ ছবিখনৰ মুক্তিৰ খবৰে সকলো দৰ্শককে উৎসাহিত কৰি তুলিছে।


অসমীয়া চলচিত্ৰ উদ্যোগলৈ এয়া অত্যন্ত ভাল খবৰ বুলিয়েই বহুতে মন্তব্য কৰিছে। অভিনেতা ৰবি শৰ্মাই সামাজিক মাধ্যমৰ জৰিয়তে সকলোকে ধন্যবাদ জনাইছে।













