![]()
বয়স তেওঁৰ ৮৩ বছৰ। এই উদ্যোগৰ অন্যতম উজ্জ্বল তাৰকা, হলিউডৰ ‘গডফাদাৰ’ (Hollywood God Father)। হলিউডৰ তাৰকা আল পাচিনোৱে (Al Pacino) জীৱনৰ এই পৰ্যায়ত নতুন ইনিংছ আৰম্ভ কৰিবলৈ ওলাইছে। ৮৩ বছৰ বয়সত চতুৰ্থ সন্তানৰ পিতৃ হʼবলৈ ওলাইছে (become the father of a fourth child at the age of 83) ‘স্কাৰফেচ’ তাৰকাগৰাকীয়ে। প্ৰেমিকা নূৰ আলফাল্লাৰ গৰ্ভত আলৰ সন্তান (Al’s child in the womb of girlfriend Noor Alfalla)।

এই ২৯ বছৰীয়া প্ৰেমিকাৰ সৈতে আল পাচিনোৰ বয়সৰ পাৰ্থক্য ৫৪ বছৰ। এই বয়সৰ পাৰ্থক্যই অৱশ্যে আল আৰু নূৰৰ সম্পৰ্কত বাধাৰ সৃষ্টি কৰা নাছিল। কিন্তু আলে প্ৰথমে পিতৃ হোৱাৰ খবৰটো বিশ্বাস কৰিব বিচৰা নাছিল। খবৰ অনুযায়ী, হলিউডৰ তাৰকাগৰাকীয়ে আনকি তেওঁৰ প্ৰেমিকা নূৰক গৰ্ভত সন্তান থকাৰ খবৰটো নিশ্চিত কৰিবলৈ পিতৃত্ব পৰীক্ষা কৰিবলৈ পৰামৰ্শ দিছিল। নূৰে ১১ সপ্তাহলৈকে আলক গৰ্ভাৱস্থাৰ কথা কোৱা নাছিল। সেই খবৰটো শুনি আল হয়তো সুখী নহʼব, তেওঁ ভয়তে এই সিদ্ধান্ত লৈছিল। কিন্তু অৱশেষত পোহৰলৈ আহিছে আল পাচিনোৰ পিতৃত্বৰ খবৰ। এতিয়া অৱশ্যে হলিউডৰ তাৰকাগৰাকী যথেষ্ট সুখী। অৱশ্যে তেওঁ কেতিয়াও চতুৰ্থ সন্তানৰ বাবে সাজু নাছিল। কিন্তু তেওঁৰ মতে, “ভাল অনুভৱ… মোৰ আৰু সন্তান আছে, কিন্তু এইটো বিশেষ!”

আল পাচিনো এগৰাকী ৩০ বছৰীয়া কন্যা আৰু ১৮ বছৰীয়া যমজ সন্তানৰ পিতৃ। অৱশ্যে অস্কাৰ বিজয়ী অভিনেতাগৰাকীয়ে এতিয়াও তেওঁৰ কোনো প্ৰেমিকা বা প্ৰেমিকৰ সৈতে বিবাহপাশত আবদ্ধ হোৱা নাই। আল পিতৃ হোৱাৰ খবৰত তেওঁৰ বাকী তিনিটা সন্তান বিশেষ সুখী নাছিল। কিন্তু আল নিজেই ইয়াৰ দ্বাৰা প্ৰভাৱিত হোৱা নাছিল। এই বয়সত তেওঁ চতুৰ্থ সন্তানৰ আগমনক লৈ উৎফুল্লিত হৈ পৰিছে। শুনা গৈছে যে তাৰকাগৰাকীয়ে নূৰৰ বিশেষ যত্ন লৈছে। যোৱা বছৰ আলৰ জন্মদিন উদযাপনত তেওঁক নূৰৰ সৈতে দেখা গৈছিল। খবৰ অনুসৰি, মহামাৰীৰ সময়ৰ পৰা দুয়োজনে একেলগে বাস কৰিছিল।













