![]()
এখন অসমীয়া ছবিয়ে এনেদৰে আলোড়ণৰ সৃষ্টি কৰাটো সঁচাকৈ প্ৰশংসনীয়। অসমীয়া ছবি উদ্যোগটোৰ বাবে ই ইতিবাচক খবৰ। মুক্তিৰ সমান্তৰালকৈ ছবিগৃহ সমূহ হাউচফুল হৈ পৰিছে “শ্ৰী ৰঘুপতি” ৰ বাবে।

অসমৰ বিভিন্ন প্ৰান্তত থকা ছবিগৃহ সমূহৰ প্ৰত্যেকেটোতেই অনুৰূপ দৃশ্য। ছবিখনৰ পৰিচালনা, অভিনয়, সংগীত, সংলাপ প্ৰতিটোৰে প্ৰশংসা হৈছে সামাজিক মাধ্যমত।
ৰবি শৰ্মাই কোৱা কথাষাৰ সঁচা প্ৰতিপন্ন হ’ল। দীৰ্ঘদিনৰ বিৰতি যদিও তেওঁ এখন ভাল চিনেমা ৰাইজলৈ আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিছিল আৰু সেই প্ৰতিশ্ৰুতি সফলকাম হৈ উঠিছে।

অসমৰ উপৰিও “শ্ৰী ৰঘুপতি” ছবিখন বেংগালুৰু, নতুন দিল্লী, হায়দৰাবাদ, নবি মুম্বাই, থানেৰ উপৰিও পুনেৰ মুক্তি লাভ কৰিছে। পৰিচালক সুব্ৰত কাকতিয়ে প্ৰতিটো ক্ষণত ৰাইজৰ সঁহাৰিৰ বাবে সকলোকে ধন্যবাদ জনাই সামাজিক মাধ্যম যোগে পষ্ট কৰা পৰিলক্ষিত হৈছে।













