![]()
১ জুলাইৰ পৰা আৰম্ভ (Starting from July 1) হʼব অমৰনাথ যাত্ৰা (Amarnath Yatra)। কিন্তু তাৰ পূৰ্বে অমৰনাথ তীৰ্থযাত্ৰী পৰিচালনা সমিতিয়ে তীৰ্থযাত্ৰীসকলৰ খাদ্যৰ ক্ষেত্ৰত কিছু নিষেধাজ্ঞা জাৰি (Some restrictions imposed on food) কৰিছে। লগতে কি খাব পাৰিব বা কি খাব নোৱাৰিব সেই খাদ্যৰ তালিকাও প্ৰকাশ কৰিছে।
গতিকে অমৰনাথ যাত্ৰালৈ যোৱাৰ আগতে এই তালিকাৰ বিষয়ে জনাটো জৰুৰী। অমৰনাথ বোৰ্ডে ফাষ্ট ফুড, শীতল পানীয়, জেলী, হালুৱাৰ দৰে মিঠাই, পুৰী আৰু চোলা ভতুৰাৰ দৰে তেলজাতীয় খাদ্য নিষিদ্ধ কৰিছে।

তীৰ্থযাত্ৰীসকলৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে এনে খাদ্য নিষিদ্ধ কৰিছে। কেৱল এয়াই নহয়, লংগৰকো (সমূহীয়া পাকঘৰ) তীৰ্থযাত্ৰীক স্বাস্থ্যসন্মত খাদ্য পৰিবেশন কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।প্ৰশাসনে জনাইছে যে কোনো ধৰণৰ সোৱাদযুক্ত খাদ্য, তেলজাতীয় খাদ্য দিব নোৱাৰিব। অমৰনাথ পথত নিৰ্মাণ হʼব ১২০টা লংগৰ।
সকলো লংগৰতেই তেনে কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। ইয়াৰ উপৰি পথৰ কাষৰ সকলো দোকানকে একে নিৰ্দেশনা দিয়া হৈছে। অনুমোদিত খাদ্যৰ ভিতৰত বিভিন্ন ধৰণৰ দালি, শাক-পাচলি, সৰিয়হ, সেউজীয়া চালাড, ফল-মূল, বগা চাউল, জিৰা চাউল, খিচিৰি ইত্যাদি থাকিব। নিষিদ্ধ কৰা খাদ্যসমূহৰ ভিতৰত আছে ভজা চাউল, পুৰি, পিজ্জা, বাৰ্গাৰ, পৰঠা, ডোছা, মাখনযুক্ত ৰুটি, আচাৰ, চাটনি, ভজা পাপৰ, চাওমিন।










