ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Wrestler’s Protest I এইবাৰ মল্লযুঁজাৰুৰ মাজত মতানৈক্য, দুই ডংগল-কন্যাৰ বাকযুদ্ধ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
June 18, 2023
Reading Time: 1 min read
A A
0
Wrestler’s Protest I এইবাৰ মল্লযুঁজাৰুৰ মাজত মতানৈক্য, দুই ডংগল-কন্যাৰ বাকযুদ্ধ

logo new 2 1 1 4 1 3 1 4 | ASSAM TIMES POST

RELATED POSTS

Killer man । ১৫ হাজাৰ লোকক হত্যা কৰাৰ ষড়যন্ত্ৰ, ১৫ দিনৰ প্ৰস্তুতিত ঘৰৰ পৰা উদ্ধাৰ ৩০ হাজাৰ কেপচুল, ৫০ কেজি বিষ

Delhi heatwave I ধূলিৰ ধুমুহাত আবৃত দিল্লী-এনচিআৰ, ৰাজধানীত সতৰ্কতা জাৰি

PM Modi । বিদেশৰ সংসদত ২০ বাৰ বক্তৃতা দিয়া প্ৰথম ভাৰতীয় প্ৰধানমন্ত্ৰী হিচাপে মোদীৰ অভিলেখ

এইবাৰ ভাৰতীয় মল্লযুঁজাৰু (Wrestler) সন্থাৰ মুৰব্বী ব্ৰিজ ভূষণ চৰণ সিঙৰ (Brij Bhushan Sharan Singh) বিৰুদ্ধে যুঁজ দি থকা মল্লযুঁজাৰুসকলৰ মাজতে আৰম্ভ হৈছে বাকযুদ্ধ৷ সাক্ষী মালিক (Sakshi Malik) আৰু ববিতা ফোগাটৰ (Bobita Phogat)  মাজত আৰম্ভ হৈছে অভিযোগ-প্রতি অভিযোগ৷ তাৰ মাজত আকৌ ৰাজনীতিও প্ৰৱেশ কৰিছে। সাক্ষীয়ে অভিযোগ কৰে যে বিজেপি নেত্ৰী ববিতাই নিজৰ স্বাৰ্থ পূৰণৰ বাবে মল্লযুঁজাৰুসকলক ব্যৱহাৰ কৰিছে। ববিতাই এই অভিযোগ প্ৰতিহত কৰি কয় যে সাক্ষী কংগ্ৰেছৰ পুতলা হৈ পৰিছে।

Sakshi Malik
Sakshi Malik and Babita Phogat engage in war of words:

সাক্ষী আৰু তেওঁৰ মল্লযুঁজাৰু স্বামী সত্যব্ৰত কাদিয়াননে (Satyawart Kadian) শনিবাৰে ভিডিঅ’ বাৰ্তাযোগে ববিতাৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে। অলিম্পিকৰ ব্ৰঞ্জৰ পদক বিজয়ী সাক্ষীৰ অভিযোগ যে যন্তৰ-মন্তৰত তেওঁলোকৰ ধৰ্ণা কাৰ্যসূচীৰ বাবে ববিতাই নিজেই অনুমতি বিচাৰিছিল। সাক্ষীয়ে কয়, “প্ৰথমে মই স্পষ্টকৈ ক’ব বিচাৰো যে আমাৰ আন্দোলনত কোনো ৰাজনীতি নাই। জানুৱাৰী মাহত আমি যন্তৰ-মন্তৰলৈ গৈছিলো। সেই সময়ত বিজেপিৰ দুগৰাকী নেত্ৰী তীৰ্থ ৰাণা আৰু ববিতা ফোগাটে ধৰ্ণাৰ অনুমতি বিচাৰিছিল।”

r1165118 1296x729 16 9 | ASSAM TIMES POSTসাক্ষীয়ে অভিযোগ কৰে যে ববিতাই সেইবোৰ নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিছিল। তেওঁ কয়, “প্ৰথমে তেওঁলোকে মল্লযুঁজাৰুসকলক নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিছিল। কিন্তু পিছত বিপদৰ কথা উপলব্ধি কৰি চৰকাৰৰ কোলাত বহে। আমাৰ আন্দোলনত কংগ্ৰেছৰ হাত নাই। তাত থকাসকলৰ কমেও ৯০ শতাংশই মল্লযুঁজৰ সৈতে জড়িত। আমি তেওঁলোকক ১০-১২ বছৰ ধৰি চিনি পাওঁ।”

সাক্ষীৰ এই অভিযোগ অৱশ্যে ববিতাই মানি লোৱা নাই। কমনৱেলথৰ সোণ বিজয়ী মল্লযুঁজাৰুগৰাকীয়ে ইয়াৰ উত্তৰ দিয়ে, “এনেকৈ কথাবোৰ নকʼব যাতে পিছত লুকুৱাবলগীয়া হয়। মোৰ সৰু ভনী (সাক্ষী) আৰু তেওঁৰ স্বামীৰ ভিডিঅ’ এটা দেখি বৰ দুখ লাগিল। আকৌ হাঁহিও উঠিল। তেওঁলোকে কʼলে, ধৰ্ণাৰ অনুমতি লৈছিলোঁ। তেওঁলোকে মোক স্বাক্ষৰিত নথি এখন দেখুৱাব পাৰিবনে? তেওঁলোকৰ হাতত কোনো প্ৰমাণ নাই।”

ববিতাৰ অভিযোগ যে কংগ্ৰেছৰ সহায়ত সাক্ষীয়ে তেওঁক বদনাম কৰিবলৈ চেষ্টা কৰিছে। তেওঁ কয়, “মই প্ৰথম দিনাৰ পৰাই কৈ আহিছো যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু দেশৰ আইনৰ ওপৰত মোৰ বিশ্বাস আছে। এগৰাকী নাৰী হিচাপে মই সদায় নাৰীৰ সংগ্ৰামৰ কাষত থিয় দি আহিছো। কিন্তু সংসদ ভৱনৰ উদ্বোধনী দিনটোত তেওঁলোকে যিদৰে পদযাত্ৰা কৰিছিল বা গংগাত পদক উটুৱাই দিবলৈ গৈছিল সেই ধৰণটো মই মানি লোৱা নাছিলো। দেশক অসন্মান কৰা হৈছে। বাৰে বাৰে প্ৰধানমন্ত্ৰী বা গৃহমন্ত্ৰীক সাক্ষাৎ কৰিবলৈ কোৱা হৈছিল। সেইটো হ’লে সমাধান হ’ব। তেনে কৰাৰ পৰিৱৰ্তে তেওঁলোকে প্ৰিয়ংকা গান্ধী, দিপেন্দ্ৰ হুডাৰ কথা মানি চলিছে।”

এই বিতৰ্কৰ মাজতে অৱশ্যে দিল্লী আৰক্ষীয়ে ব্ৰিজ ভূষণৰ বিৰুদ্ধে ১৫০০ পৃষ্ঠাৰ অভিযোগনামা দাখিল কৰে। যোৱা বৃহস্পতিবাৰে ৰাউজ এভিনিউ আদালতত ব্ৰিজ ভূষণৰ বিৰুদ্ধে দাখিল কৰা হয় অভিযোগনামা। ভাৰতীয় দণ্ডবিধিৰ ৩৫৪ (বলপূৰ্বকভাৱে মহিলাক নিৰ্যাতন চলোৱাৰ চেষ্টা), ৩৫৪এ (অশ্লীল মন্তব্য), ৩৫৪ডি (হাৰাশাস্তি) ধাৰাত ব্ৰিজ ভূষণৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰা হৈছে। ইয়াৰে ৩৫৪টা ধাৰা জামিনবিহীন। কিন্তু বাকী দুটা দফা জামিনযোগ্য। ২২ জুনত এই গোচৰৰ পৰৱৰ্তী শুনানি হʼব।

Tags: এইবাৰ মল্লযুঁজাৰুৰ মাজত মতানৈক্যদুই ডংগল-কন্যাৰ বাকযুদ্ধ
Share4Tweet3Send

Related Posts

ঝাৰখণ্ডত ককায়েকৰ মূৰ কাটি ভায়েকৰ ছেলফি! গ্ৰেপ্তাৰ অভিযুক্ত
National-International

Killer man । ১৫ হাজাৰ লোকক হত্যা কৰাৰ ষড়যন্ত্ৰ, ১৫ দিনৰ প্ৰস্তুতিত ঘৰৰ পৰা উদ্ধাৰ ৩০ হাজাৰ কেপচুল, ৫০ কেজি বিষ

by Staff Reporter
June 29, 2026
50
Delhi heatwave I নয়ডাত ১৪ ব্যক্তিৰ ৰহস্যজনক মৃত্যু, পথৰ পৰা উদ্ধাৰ সকলোৰে মৃতদেহ
National-International

Delhi heatwave I ধূলিৰ ধুমুহাত আবৃত দিল্লী-এনচিআৰ, ৰাজধানীত সতৰ্কতা জাৰি

by Staff Reporter
June 29, 2026
50
PM Modi । বিদেশৰ সংসদত ২০ বাৰ বক্তৃতা দিয়া প্ৰথম ভাৰতীয় প্ৰধানমন্ত্ৰী হিচাপে মোদীৰ অভিলেখ
National-International

PM Modi । বিদেশৰ সংসদত ২০ বাৰ বক্তৃতা দিয়া প্ৰথম ভাৰতীয় প্ৰধানমন্ত্ৰী হিচাপে মোদীৰ অভিলেখ

by Staff Reporter
June 29, 2026
50
ছৌদি আৰৱত হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত, মৃত্যু কমেও ১৪
National-International

ছৌদি আৰৱত হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত, মৃত্যু কমেও ১৪

by Staff Reporter
June 28, 2026
50
Monsoon : ‎মৌচুমী বতাহৰ আগমন : চলিত সপ্তাহত উত্তৰ-পূব, দক্ষিণৰ বাবে ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী
National-International

প্ৰবল বৰষুণৰ ফলত হোৱা বানপানী আৰু ভূমিস্খলনত উত্তৰ ছিকিমৰ বৃহৎ অংশ ধ্বংস

by Staff Reporter
June 28, 2026
50
FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ
National-International

ফিফা বিশ্বকাপ ২০২৬ । গ’ল, দৰ্শক, ব্যক্তিগত দৃষ্টান্তকে ধৰি বিভিন্ন অভিলেখৰ বন্যা

by Staff Reporter
June 28, 2026
50
ADVERTISEMENT
ঝাৰখণ্ডত ককায়েকৰ মূৰ কাটি ভায়েকৰ ছেলফি! গ্ৰেপ্তাৰ অভিযুক্ত
National-International

Killer man । ১৫ হাজাৰ লোকক হত্যা কৰাৰ ষড়যন্ত্ৰ, ১৫ দিনৰ প্ৰস্তুতিত ঘৰৰ পৰা উদ্ধাৰ ৩০ হাজাৰ কেপচুল, ৫০ কেজি বিষ

June 29, 2026
50
Delhi heatwave I নয়ডাত ১৪ ব্যক্তিৰ ৰহস্যজনক মৃত্যু, পথৰ পৰা উদ্ধাৰ সকলোৰে মৃতদেহ
National-International

Delhi heatwave I ধূলিৰ ধুমুহাত আবৃত দিল্লী-এনচিআৰ, ৰাজধানীত সতৰ্কতা জাৰি

June 29, 2026
50
PM Modi । বিদেশৰ সংসদত ২০ বাৰ বক্তৃতা দিয়া প্ৰথম ভাৰতীয় প্ৰধানমন্ত্ৰী হিচাপে মোদীৰ অভিলেখ
National-International

PM Modi । বিদেশৰ সংসদত ২০ বাৰ বক্তৃতা দিয়া প্ৰথম ভাৰতীয় প্ৰধানমন্ত্ৰী হিচাপে মোদীৰ অভিলেখ

June 29, 2026
50
ছৌদি আৰৱত হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত, মৃত্যু কমেও ১৪
National-International

ছৌদি আৰৱত হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত, মৃত্যু কমেও ১৪

June 28, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

ঝাৰখণ্ডত ককায়েকৰ মূৰ কাটি ভায়েকৰ ছেলফি! গ্ৰেপ্তাৰ অভিযুক্ত

Killer man । ১৫ হাজাৰ লোকক হত্যা কৰাৰ ষড়যন্ত্ৰ, ১৫ দিনৰ প্ৰস্তুতিত ঘৰৰ পৰা উদ্ধাৰ ৩০ হাজাৰ কেপচুল, ৫০ কেজি বিষ

June 29, 2026
Delhi heatwave I নয়ডাত ১৪ ব্যক্তিৰ ৰহস্যজনক মৃত্যু, পথৰ পৰা উদ্ধাৰ সকলোৰে মৃতদেহ

Delhi heatwave I ধূলিৰ ধুমুহাত আবৃত দিল্লী-এনচিআৰ, ৰাজধানীত সতৰ্কতা জাৰি

June 29, 2026
PM Modi । বিদেশৰ সংসদত ২০ বাৰ বক্তৃতা দিয়া প্ৰথম ভাৰতীয় প্ৰধানমন্ত্ৰী হিচাপে মোদীৰ অভিলেখ

PM Modi । বিদেশৰ সংসদত ২০ বাৰ বক্তৃতা দিয়া প্ৰথম ভাৰতীয় প্ৰধানমন্ত্ৰী হিচাপে মোদীৰ অভিলেখ

June 29, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx