![]()
ধাৰাসাৰ বৰষুণ আৰু দুৰ্যোগপূৰ্ণ বতৰৰ বাবে স্থগিত ৰখা হৈছে অমৰনাথ যাত্ৰা (Amarnath Yatra)। বিগত কিছুদিন ধৰি জম্মু-কাশ্মীৰৰ (Jammu-Kashmir) বিভিন্ন প্ৰান্তত ধাৰাসাৰ বৰষুণ হৈ আছে। কেইবাঠাইতো ভূমিস্খলন সংঘটিত হৈছে। এনে পৰিস্থিতিত জম্মু-কাশ্মীৰ প্ৰশাসনে তীৰ্থযাত্ৰীসকলৰ সুৰক্ষাৰ বাবে সতৰ্কতামূলক ব্যৱস্থা হিচাপে এই যাত্ৰা সাময়িকভাৱে স্থগিত ৰখাৰ সিদ্ধান্ত লৈছে।











