ASSAM TIMES POST
গুৱাহাটীঃ দেশজুৰি অব্যাহত আছে নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ বিতৰ্ক৷ ইয়াৰ মাজতে আজি লোকসভাত উত্থাপন হয় এই বিধেয়কখন৷ গৃহমন্ত্ৰী অমিত শ্বাহে লোকসভাত নাগৰিকত্ব সংশোধনী বিধেয়ক উত্থাপন কৰে৷ উল্লেখ্য যে শীতকালীন অধিৱেশনৰ প্ৰথম পৰ্বতে এই বিধেয়কখন উত্থাপন হয়৷
নাগৰিকত্ব সংশোধনী বিধেয়ক লোকসভাত উত্থাপনৰ পাছতে বিতৰ্কৰ আৰম্ভ হয়৷ বিতৰ্কত অংশলৈ কংগ্ৰেছৰ সাংসদ অধিৰ চৌধুৰীয়ে কয় যে দেশৰ সংখ্যালঘু লোকক লক্ষ্য কৰি এই বিধেয়কখন প্ৰস্তুত কৰা হৈছে৷ বিধেয়কখন ‘অসংবিধানিক’ আৰু ‘বিভেদ সৃষ্টিকাৰী’ বুলি উল্লেখ কৰে তৃণমূল কংগ্ৰেছৰ সাংসদ সৌগত ৰায়ে৷
উল্লেখ্য যে বিধেয়কখন বাতিলৰ দাবীত অসমকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদৰ জোবাৰ উঠিছে৷ ইপিনে, আজি দিল্লীৰ যন্ত্ৰৰ মন্তত এ আই ইউ ডি এফৰ সাংসদ বদৰুদ্দিন আজমলে বিক্ষোভ প্ৰদৰ্শন কৰে৷
আনহাতে লোকসভাত আজি বিধেয়কখনৰ আলোচনা সন্দৰ্ভত ভোটদান প্ৰক্ৰিয়া অনুষ্ঠিত হয়৷ ইয়াত মুঠ ভোটদান হয় ৩৭৫টা৷ বিধেয়কখনৰ সপক্ষে ২৯৩ টা আৰু বিপক্ষে ৮২ টা ভোট দিয়ে৷ ফলত লোকসভাত বিধেয়কখন গৃহিত কৰা সন্দৰ্ভত আলোচনাৰ পথ প্ৰশস্ত হয়৷










