![]()
ছচিয়েল মিডিয়াৰ এটা প্ৰভাৱশালী দিনক দিনে বাঢ়িছে। কেতিয়াবা নাক বেঁকা আৰু কেতিয়াবা ওঁঠৰ আয়তনৰ পৰিৱৰ্তন- একোতে চাহিদাৰ অভাৱ নাই। কিন্তু অস্ত্ৰোপচাৰ সদায় সফল নহয়। বলীউডৰ বহু অভিনেত্ৰীয়ে কটা-চিঙা কৰি নিজৰ চেহেৰা সলনি কৰিছে, তাৰ ভিতৰত আয়েছা টাকিয়া, অনুষ্কা শৰ্মা, কাজল, কোয়েনা মিত্ৰ, শিল্পা শ্বেট্টী, কেটৰিনা কাইফৰ দৰে বহু তাৰকা আছে। কিছুমানৰ বাবে ই ভাল ফলাফল দিছে, কিছুমানৰ বাবে ই আকৌ কেৰিয়াৰ ধ্বংস কৰিছে। কোয়েনাই স্বীকাৰ কৰিছে যে তেওঁৰ নিজৰ মুখত ‘প্লাষ্টিক চাৰ্জাৰী’ কৰিছে। এইবাৰ চকুত ‘ফিলাৰ’ লগাই বিপদত পৰিল উৰ্ফি। আচলতে তেওঁ চকুৰ তলৰ কʼলা দাগ গুচোৱাৰ বাবে এই পদ্ধতিৰ আশ্ৰয় লৈছিল। কিন্তু হিতে হ’ল বিপৰীত।

দীৰ্ঘদিন ধৰি উৰ্ফিৰ চকুৰ তলত কʼলা দাগ পৰি আছিল, যিবোৰক ‘ডাৰ্ক চাৰ্কল’ বুলি কোৱা হয়। চকুৰ তলত কʼলা দাগ থকাৰ বাবে বিগত সময়ত তেওঁক কেইবাবাৰো ট্ৰোল কৰা হৈছে। সেয়ে উক্ত দাগৰ পৰা মুক্তি পাব বিচাৰিছিল। কিন্তু এই মুহূৰ্তত তেওঁ অনুশোচনাত ভুগিছে। উৰ্ফিয়ে ছবিৰ সৈতে নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত লিখিছে, “চকুৰ তলত কʼলা দাগৰ বাবে মই উপহাসৰ সন্মুখীন হʼবলগীয়া হৈছিল। সেইবাবেই এই ফিলাৰটো কৰা হয়। কিন্তু এতিয়া মুখখন কুৎসিত দেখা গৈছে। ইয়াক মেকআপৰ দ্বাৰা আবৃত কৰিব নোৱাৰি। এতিয়া মই ভাবো মই কিয় কৰিলোঁ?” উৰ্ফিৰ চকুৰ তলত ক’লা দাগ থকাৰ সমস্যা আছিল সৰুৰে পৰা। সেইবাবেই তেওঁ আন এটা পথ বাছি লৈছিল। কিন্তু সুফল নাপালে। অৱশ্যে সোনকালে সকলো ঠিক হৈ যাব বুলি তেওঁ আশাবাদী।













