![]()
এপ্ৰিল মাহতে জানিব পৰা গৈছিল যে অভিনেতা অৰ্জুন ৰামপাল (Actor Arjun Rampal) পুনৰ পিতৃ হʼবলৈ গৈ আছে। এইবাৰ অৰ্জুনৰ প্ৰেমিকা গাব্ৰিয়েলা দিমিট্ৰিয়াডেজ দ্বিতীয়বাৰৰ বাবে মাতৃ (Arjun’s girlfriend Gabriella Dimitriadez is a mother for the second time) হ’ল। গাব্ৰিয়েলা পুত্ৰ সন্তানৰ মাতৃ হ’ল। অভিনেতাজনে নিজেই দিলে পৰিয়ালত নতুন অতিথিৰ আগমনৰ খবৰ।
তেওঁ নিজৰ ছচিয়েল মিডিয়া পেজত লিখিছে, “মোৰ পৰিয়াল আৰু মোৰ জীৱনলৈ এজন সুদৰ্শন পুত্ৰ আহিল। মাতৃ আৰু পুত্ৰ দুয়োজনেই ঠিকেই আছে। মনটো ভাল লাগে আৰু কৃতজ্ঞতাৰে ভৰি পৰে। ইমান মৰম দিয়াৰ বাবে সকলোকে ধন্যবাদ।” চতুৰ্থবাৰৰ বাবে পিতৃ হোৱাৰ সুখ পালে অভিনেতাজনে (Fourth time father Arjun Rampal)।

অৰ্জুন আৰু গাব্ৰিয়েলাৰ ২০১৮ চনৰ পৰাই চিনাকি। ২০১৯ চনত বলীউডৰ অভিনেতাগৰাকীয়ে তেওঁৰ প্ৰাক্তন পত্নী মেহৰ জেছিয়াৰ সৈতে প্ৰায় দুটা দশকৰ বিবাহৰ অন্ত পেলাইছিল। তেওঁলোকৰ দুই কন্যা মহিকা আৰু মাইৰা ৰামপাল। মেহৰৰ পৰা বিবাহ বিচ্ছেদ হোৱাৰ কেইমাহমান পিছত অৰ্জুন আৰু গাব্ৰিয়েলাই প্ৰথম সন্তান এৰিকক আদৰণি জনায়।
কেইমাহমানৰ আগতে গম পোৱা গৈছিল যে তেওঁ পুনৰ গৰ্ভৱতী হৈছে। অৱশ্যে তেওঁলোকে এতিয়াও আইনগতভাৱে তেওঁলোকৰ সম্পৰ্কক স্বীকৃতি দিয়া নাই। তেনেহ’লে কি সংসাৰৰ প্ৰতি তেওঁলোকৰ অনীহা, নে আন কিবা? অৰ্জুনে দাবী কৰে যে গাব্ৰিয়েলে বিয়া নিবিচাৰে, বৰঞ্চ তেওঁ জীৱনৰ বাকী সময়খিনি ইজনে-সিজনৰ কাষত থাকি এনেদৰেই কটাব বিচাৰে।













