![]()
চন্দ্ৰযান-৩ (Chandrayaan-3) এতিয়া চন্দ্ৰৰ নিচেই ওচৰত। বৰ্তমান সমগ্ৰ দেশ কেৱল চন্দ্ৰযানৰ চন্দ্ৰত অৱতৰণৰ বাবে অপেক্ষা কৰি আছে। বৃহস্পতিবাৰে ইছৰোৱে প্ৰকাশ (ISRO releases) কৰা মতে, লেণ্ডাৰ বিক্ৰম ইতিমধ্যে মহাকাশযানৰ পৰা পৃথক (Lander Vikram is already separate from the spacecraft) হৈছে। এই তথ্য ছচিয়েল মিডিয়াত ইছৰোৱে অৱগত কৰে। অহা ২৩ আগষ্টত চন্দ্ৰৰ পিঠিত অৱতৰণ কৰিব লেণ্ডাৰ বিক্ৰম। লেণ্ডাৰ মহাকাশযানৰ পৰা পৃথক হোৱাৰ লগে লগে ইয়াৰ অৱতৰণ প্ৰক্ৰিয়া আৰম্ভ হʼল। সূত্ৰ মতে, নিৰ্ধাৰিত সময়ৰ পূৰ্বে ৰ’ভাৰ প্ৰজ্ঞান লৈ চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিব পাৰিব লেণ্ডাৰখন।

উল্লেখযোগ্য যে দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্ত পেলাই ১৪ জুলাইৰ দিনৰ ২.৩৫ বজাত শ্ৰীহৰিকোটাৰ সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ উৎক্ষেপণ পেডৰ পৰা চন্দ্ৰযান ৩ৰ উৎক্ষেপণ সম্পূৰ্ণ হয়। ২০০৮ চনত প্ৰথম চন্দ্ৰযান বিমানখনে উৰা মাৰিছিল। চন্দ্ৰৰ দক্ষিণ মেৰুত প্ৰথমে পানীৰ সন্ধান পাইছিল চন্দ্ৰযান-১-এ। ২০১৯ চনত চন্দ্ৰলৈ ৰাওনা হৈছিল চন্দ্ৰযান-২। কিন্তু চন্দ্ৰৰ মাটিত অৱতৰণ কৰি থাকোঁতেই বিপত্তি ঘটে। চন্দ্ৰযান-২ চন্দ্ৰৰ পিঠিত সঠিকভাৱে অৱতৰণ কৰিব নোৱাৰিলে। দ্বিতীয় চন্দ্ৰযানৰ এক তৃতীয়াংশ খৰচত নিৰ্মাণ কৰা হৈছে চন্দ্ৰযান-৩।













