![]()
২০০১ চনত মুক্তিলাভ কৰিছিল অনিল শৰ্মাৰ পৰিচালনাৰে নিৰ্মিত ছবি ‘গদৰ’ (Gadar)। ভাৰতৰ তাৰা সিং আৰু পাকিস্তানৰ ছাকিনাৰ প্ৰেম কাহিনীয়ে দৰ্শকৰ মনত স্থান লাভ কৰিছিল। ছানী দেউল আৰু অমিছা পেটেল (Sunny Deol and Amisha Patel) অভিনীত ছবিখনে বক্স অফিচত ভাল ফলাফল দেখুৱাইছিল। প্ৰায় ২২ বছৰৰ পিছত মুক্তিলাভ কৰে ফ্ৰেঞ্চাইজিৰ দ্বিতীয়খন ছবি। ‘গদৰ ২’ (Gadar-2)ত পুনৰ ছানী আৰু অমিছাৰ সৈতে পৰিচালক অনিল শৰ্মা।
যোৱা ১১ আগষ্টত ছবিখন ছবিগৃহত মুক্তিলাভ কৰে। অনিল শৰ্মাৰ ‘গদৰ ২’ ছবিয়ে প্ৰথম সপ্তাহৰ শেষৰ ফালে বক্স অফিচত ১০০ কোটি টকাৰ সীমা অতিক্ৰম (Rs 100 crore mark exceeded) কৰিলে। দ্বিতীয় শুকুৰবাৰে এই ছবিখনে আন এক নজিৰ গঢ়ি তুলিলে। ৩০০ কোটিৰ ক্লাবত ভৰি দিয়াৰ পিছতে থ্ৰেছহোল্ড অতিক্ৰম কৰিলে ছানীয়ে। দ্বিতীয় শুকুৰবাৰে বক্স অফিচ ব্যৱসায়ৰ ক্ষেত্ৰতো শ্বাহৰুখ খান, আমিৰ খান আৰু ছলমান খানক স্পৰ্শ কৰে।
বক্স অফিচৰ ব্যৱসায়িক পৰিসংখ্যা অনুসৰি, শ্বাহৰুখৰ ছবি ‘পাঠান’ মুক্তিৰ পিছত দ্বিতীয় শুকুৰবাৰে ১৩ কোটি টকা সংগ্ৰহ কৰে। আমিৰৰ ‘দংগল’ আৰু ছলমানৰ ‘বজৰংগী ভাইজান’ ছবিখনে ক্ৰমে ১৮ কোটি আৰু ১২ কোটি ৭৫ লাখ টকা সংগ্ৰহ কৰিছিল। তাত প্ৰায় ২০ কোটি টকাৰ ব্যৱসায় কৰে ছানীৰ ‘গদৰ ২’-এ।

যোৱা বছৰৰ আটাইতকৈ ব্যৱসায়িকভাৱে সফল ছবি ‘দ্য কাশ্মীৰ ফাইলছ’ৰ দ্বিতীয় শুকুৰবাৰৰ ব্যৱসায়কো অতিক্ৰম কৰিলে ‘গদৰ ২’-এ। বিবেক অগ্নিহোত্ৰীৰ পৰিচালিত ছবিখনে দ্বিতীয় শুকুৰবাৰে প্ৰায় ১৯ কোটি টকাৰ ব্যৱসায় কৰে।
‘গদৰ ২’ ছবিখনৰ সফলতাই ছবিখনৰ নিৰ্মাতা আৰু ক্ৰুৰ উৎসাহ বৃদ্ধি কৰিছে। শেহতীয়াকৈ এক অনুষ্ঠানত ছবিখনৰ পৰিচালক অনিল শৰ্মা আৰু ছানী দেউলক ‘গদৰ ৩’ ছবিখনৰ সম্ভাৱনাক লৈ প্ৰশ্ন উত্থাপন কৰা হৈছে। অনিল শৰ্মাই উত্তৰ দিয়ে, “অলপ অপেক্ষা কৰক। ধৈৰ্যৰ ফল যে মিঠা, চকুৰ সন্মুখত তাৰ প্ৰমাণ দেখা যায়।
মোৰ মগজুত কিছু চিন্তা আছে। তাৰোপৰি ছানীয়ে কিবা এটা ভাবিছে। মুঠতে কিবা এটা সৃষ্টি হʼব।” দৰাচলতে, তৃতীয় খন ছবিৰ সম্ভাৱনাৰ সৈতে ‘গদৰ ২’ সমাপ্ত হৈছে। দৰ্শক আৰু অনুৰাগীসকলেও ছবিখনৰ শেষত ‘টু বি কণ্টিনিউড’ ত আশাবাদী।













