![]()
এই মুহূৰ্তত বলীউডৰ অন্যতম চৰ্চিত ছবি হৈছে ‘গদৰ ২’ (Gadar 2)। ছবিখনৰ নিৰ্মাতাৰ পৰা দৰ্শকলৈকে সকলোৱে এই ছবিখনৰ সফলতাৰ কথা কৈ আহিছে। বক্স অফিচত দীৰ্ঘদিনীয়া খৰাং পৰিস্থিতিৰ অন্তত ধৰ্মেন্দ্ৰ-পুত্ৰই বিপুল সফলতা লাভ কৰিছে। তৃতীয় সপ্তাহত এই ছবিখনে সংগ্ৰহ কৰিছে ৪৭৫ কোটি টকা। কিন্তু গতি ইয়াতেই থমকি ৰোৱা নাই। ‘গদৰ ২’ৰ বিজয়ৰথ ৫০০ কোটিৰ দিশে আগবাঢ়িছে। তাৰ মাজতে ‘গদৰ ২’ৰ পৰিচালক অনিল শৰ্মাই (Director Anil Sharma Claims) এক নতুন দাবী উত্থাপন কৰিছে। তেওঁ কৈছে, এই ছবিখনক অস্কাৰ দিয়া উচিত (The film should be given an Oscar), ছানীৰ ছবিখন এই বঁটাৰ যোগ্য।

২০০১ চনত যেতিয়া গদৰ : এক প্ৰেম কথা মুক্তি পাইছিল, তেতিয়া ‘লগান’ শ্ৰেষ্ঠ বিদেশী ভাষাৰ চলচ্চিত্ৰ শাখাৰ বাবে মনোনীত হৈছিল। পৰিচালকৰ আক্ষেপ, সেই সময়ত ‘গদৰ : এক প্ৰেম কথা’ অস্কাৰলৈ যাব লাগিছিল। অৱশ্যে সেই সময়ত এই ছবিখন কেনেকৈ পঠিয়াব লাগে পৰিচালকে নাজানিছিল। অনিল শৰ্মাৰ ভাষাত, “গদৰ ২’ক অস্কাৰৰ মঞ্চলৈ লৈ যাবলৈ এতিয়াও নাজানো। কিন্তু আমি চেষ্টা কৰি আছো। মই ভাবো ‘গদৰ ২’ অস্কাৰ লাভ কৰাৰ যোগ্য। ‘গদৰ’ও যোগ্য আছিল।” নিজৰ ছবিখনৰ কাহিনীক লৈ আশাবাদী পৰিচালকগৰাকী। প্ৰথম অংশটো আছিল ১৯৪৭ চনৰ বিভাজনৰ ওপৰত। এইবাৰ পৰিচালকে ১৯৭১ চনৰ ভাৰত-পাক যুদ্ধৰ সময়ত হোৱা পৰিস্থিতিৰ ওপৰত আলোকপাত কৰিছে। কʼৰো পৰা নকল কৰা নহয়, তেওঁৰ ছবিখনৰ কাহিনী শিপাৰ অতি ওচৰ চাপিছে বুলি দাবী কৰিছে অনিল শৰ্মাই। গতিকে তেওঁ নিজৰ দাবীক লৈ আত্মবিশ্বাসী৷













