ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

G20 summit 2023 I মোডী-বাইডেনৰ বৈঠকত গণতন্ত্ৰ, মানৱ অধিকাৰ, স্বাধীনতা আৰু বহুত্ববাদৰ সুৰক্ষাৰ ওপৰত যৌথ বিবৃতি

নিউড ডেস্কঃ

Staff Reporter by Staff Reporter
September 9, 2023
Reading Time: 1 min read
A A
0
India G20 summit I জি-২০ সন্মিলনৰ পূৰ্বে দিল্লীত মোডী-বাইডেনৰ বৈঠক

logo new 2 1 1 4 1 3 1 3 | ASSAM TIMES POST

RELATED POSTS

Independence Day 2026 : লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত পুনৰ অনুপস্থিত ৰাহুল-খাৰ্গে, বিজেপিৰ কটাক্ষ

El Nino : বছৰৰ শেষলৈকে প্ৰশান্ত মহাসাগৰত সাত দশকৰ শক্তিশালী এল নিনো, ভাৰতত কি প্ৰভাৱ পৰিব

LPG connection E-KYC : গেছৰ ই-কেৱাইচিৰ সময়সীমা বৃদ্ধি, নতুন তাৰিখসহ ডীলাৰলৈ কেন্দ্ৰীয় নিৰ্দেশনা

জি-২০ সন্মিলনৰ (G20 Summit) প্ৰাকক্ষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ (Narendra Modi) বাসগৃহত আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ (Joe Biden) লগত এখন দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত হয়। প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰপতি হিচাপে ভাৰত ভ্ৰমণলৈ অহা বাইডেন শুকুৰবাৰে সন্ধিয়া দিল্লীত ভৰি দিয়ে। তাৰ কিছু সময়ৰ পিছতে মোডীৰ সৈতে সাক্ষাৎ। বৈঠকৰ শেষত মোডীয়ে কয়, “অতি গঠনমূলক আলোচনা হৈছে। বিভিন্ন বিষয়ৰ ওপৰত কথা কোৱা সম্ভৱ হৈছে, যাৰ বাবে দুয়োখন দেশৰ অৰ্থনীতি আৰু জনসাধাৰণৰ মাজত সংযোগ বৃদ্ধি পাব। আমাৰ দুয়োখন দেশৰ মাজৰ বন্ধুত্বই বিশ্বৰ কল্যাণৰ বাবে মুখ্য ভূমিকা পালন কৰিব।” ভাৰতলৈ অহাৰ পূৰ্বে বাইডেনেও কয়, “আমি যিমানেই জি-২০ত বহিছো সিমানেই ভাল হৈছে।”

মোডী-বাইডেন
মোডী-বাইডেনৰ বৈঠক:

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সূত্ৰই জনোৱা মতে, দুয়োগৰাকী নেতাই জেট ইঞ্জিন, কিলাৰ ড্ৰোন ক্ৰয়ৰ চুক্তি, ৬জিৰ দৰে উচ্চ প্ৰযুক্তিৰ ক্ষেত্ৰত সহযোগিতা আদি বিষয়ত আলোচনা কৰে। বৈঠকৰ অন্তত ভাৰত-আমেৰিকাৰ যৌথ বিবৃতি প্ৰকাশ কৰা হয়। তাৎপৰ্যপূৰ্ণভাৱে ইয়াত কোৱা হৈছে, “দুয়োখন দেশৰ নেতাই গণতন্ত্ৰ, মানৱ অধিকাৰ, স্বাধীনতা, বহুত্ববাদ, সৰ্বাংগীনতা, সকলো নাগৰিকৰ সম অধিকাৰ আদি বিষয়ত গুৰুত্ব আৰোপ কৰে। তেওঁলোকৰ মতে, দেশৰ সফলতাৰ বাবে এইবোৰ অপৰিহাৰ্য আৰু ভাৰত-আমেৰিকাৰ সম্পৰ্ক সুদৃঢ় কৰাৰ বাবেও প্ৰয়োজনীয়।”

কূটনৈতিক মহলৰ মতে, বহুত্ববাদ বা মানৱ অধিকাৰৰ দৰে বিষয়ত পশ্চিমীয়া বিশ্বই প্ৰায়ে মোডী চৰকাৰৰ ফালে আঙুলিয়াই আহিছে। শেহতীয়াকৈ প্ৰধানমন্ত্ৰীৰ আমেৰিকা ভ্ৰমণৰ সময়ত মোডীক যেনেকৈ উষ্ম আদৰণি জনোৱা হৈছিল, ঠিক তেনেদৰে এই বিষয়সমূহৰ সমালোচনাও প্ৰাক্তন ৰাষ্ট্ৰপতি বৰাক ওবামাৰ পৰা শুনা গৈছিল। জি-২০ আৰম্ভ হোৱাৰ প্ৰাকক্ষণত বিষয়বোৰ যৌথ বিবৃতিত প্ৰকাশ কৰাটো যথেষ্ট অৰ্থপূৰ্ণ যেন লাগে।

অত্যাধুনিক প্ৰযুক্তি, মহাকাশ আৰু প্ৰতিৰক্ষাৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ উপৰি এই যৌথ বিবৃতিত অসামৰিক পাৰমাণৱিক ক্ষেত্ৰত সহযোগিতাৰ বিষয়টোও উল্লেখ কৰা হৈছে। কোৱা হৈছে যে দুয়োগৰাকী নেতাই ভাৰত-আমেৰিকাৰ পাৰমাণৱিক সহযোগিতা আৰু অধিক সম্প্ৰসাৰণৰ বিষয়ে আলোচনা কৰে। পৰৱৰ্তী পদক্ষেপত ‘সৰু মডিউলাৰ’ পাৰমাণৱিক ৰিয়েক্টৰ নিৰ্মাণৰ বাবে সমন্বয়ৰ কথাও চৰ্চা হৈছে। আমেৰিকায়ো কৈছে যে ভাৰতক নিউক্লিয়াৰ চাপ্লাইয়াৰ গ্ৰুপ বা এনএছজিত অন্তৰ্ভুক্ত কৰা উচিত।

ইয়াৰ উপৰি বাইডেনে ভাৰতৰ চন্দ্ৰযানৰ সফলতাৰ বাবে মোডীক অভিনন্দন জনায়। ভাৰতৰ জি-২০ সভাপতিত্বৰ শলাগ লৈ তেওঁ কয় যে এই মঞ্চৰ পৰাই গুৰুত্বপূৰ্ণ ফলাফল লাভ কৰিব পৰা সম্ভৱ। প্ৰশান্ত মহাসাগৰীয় অঞ্চলত মুকলি, উদাৰ আৰু সমৃদ্ধিশালী ভাৰতে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে বুলি তেওঁ মতামত আগবঢ়ায়। যৌথ বিবৃতিটোত চতুৰ্ভুজ অক্ষৰ ওপৰতো আলোকপাত কৰা হয়।

Tags: মানৱ অধিকাৰমোডী-বাইডেনৰ বৈঠকত গণতন্ত্ৰস্বাধীনতা আৰু বহুত্ববাদৰ সুৰক্ষাৰ ওপৰত যৌথ বিবৃতি
Share4Tweet3Send

Related Posts

Independence Day 2026 : লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত পুনৰ অনুপস্থিত ৰাহুল-খাৰ্গে, বিজেপিৰ কটাক্ষ
National-International

Independence Day 2026 : লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত পুনৰ অনুপস্থিত ৰাহুল-খাৰ্গে, বিজেপিৰ কটাক্ষ

by News Desk
August 15, 2026
50
El Nino : বছৰৰ শেষলৈকে প্ৰশান্ত মহাসাগৰত সাত দশকৰ শক্তিশালী এল নিনো, ভাৰতত কি প্ৰভাৱ পৰিব
National-International

El Nino : বছৰৰ শেষলৈকে প্ৰশান্ত মহাসাগৰত সাত দশকৰ শক্তিশালী এল নিনো, ভাৰতত কি প্ৰভাৱ পৰিব

by News Desk
August 15, 2026
50
LPG connection E-KYC : গেছৰ ই-কেৱাইচিৰ সময়সীমা বৃদ্ধি, নতুন তাৰিখসহ ডীলাৰলৈ কেন্দ্ৰীয় নিৰ্দেশনা
National-International

LPG connection E-KYC : গেছৰ ই-কেৱাইচিৰ সময়সীমা বৃদ্ধি, নতুন তাৰিখসহ ডীলাৰলৈ কেন্দ্ৰীয় নিৰ্দেশনা

by News Desk
August 15, 2026
50
Independence Day 2026 : স্বাধীনতা দিৱসত নৱ প্ৰজন্মৰ ওপৰত বিশ্বাসেৰে বছৰি ১ কোটি যুৱকক এআই প্ৰশিক্ষণৰ ঘোষণা মোদীৰ
National-International

Independence Day 2026 : স্বাধীনতা দিৱসত নৱ প্ৰজন্মৰ ওপৰত বিশ্বাসেৰে বছৰি ১ কোটি যুৱকক এআই প্ৰশিক্ষণৰ ঘোষণা মোদীৰ

by News Desk
August 15, 2026
50
CJI Surya Kant : এইটো মোৰ আৰু ছাত্ৰ-ছাত্ৰীৰ মাজৰ কথা, কোনেও হস্তক্ষেপ নকৰিব, বাৰ কাউন্সিলৰ ভূমিকাক লৈ ক্ষুব্ধ মুখ্য ন্যায়াধীশ
National-International

CJI Surya Kant : এইটো মোৰ আৰু ছাত্ৰ-ছাত্ৰীৰ মাজৰ কথা, কোনেও হস্তক্ষেপ নকৰিব, বাৰ কাউন্সিলৰ ভূমিকাক লৈ ক্ষুব্ধ মুখ্য ন্যায়াধীশ

by News Desk
August 14, 2026
50
Rahul Gandhi : আয়বহিৰ্ভূত সম্পত্তিৰ গোচৰ, এলাহাবাদ উচ্চ ন্যায়ালয়ৰ তদন্তৰ আদেশক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত ৰাহুল গান্ধী
National-International

Rahul Gandhi : আয়বহিৰ্ভূত সম্পত্তিৰ গোচৰ, এলাহাবাদ উচ্চ ন্যায়ালয়ৰ তদন্তৰ আদেশক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত ৰাহুল গান্ধী

by News Desk
August 14, 2026
50
ADVERTISEMENT
Independence Day 2026 : লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত পুনৰ অনুপস্থিত ৰাহুল-খাৰ্গে, বিজেপিৰ কটাক্ষ
National-International

Independence Day 2026 : লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত পুনৰ অনুপস্থিত ৰাহুল-খাৰ্গে, বিজেপিৰ কটাক্ষ

August 15, 2026
50
Independence Day 2026 : খানাপাৰাত কেন্দ্ৰীয় স্বাধীনতা দিৱসৰ পতাকা উত্তোলন মুখ্যমন্ত্ৰীৰ
Guwahati

Independence Day 2026 : খানাপাৰাত কেন্দ্ৰীয় স্বাধীনতা দিৱসৰ পতাকা উত্তোলন মুখ্যমন্ত্ৰীৰ

August 15, 2026
50
El Nino : বছৰৰ শেষলৈকে প্ৰশান্ত মহাসাগৰত সাত দশকৰ শক্তিশালী এল নিনো, ভাৰতত কি প্ৰভাৱ পৰিব
National-International

El Nino : বছৰৰ শেষলৈকে প্ৰশান্ত মহাসাগৰত সাত দশকৰ শক্তিশালী এল নিনো, ভাৰতত কি প্ৰভাৱ পৰিব

August 15, 2026
50
LPG connection E-KYC : গেছৰ ই-কেৱাইচিৰ সময়সীমা বৃদ্ধি, নতুন তাৰিখসহ ডীলাৰলৈ কেন্দ্ৰীয় নিৰ্দেশনা
National-International

LPG connection E-KYC : গেছৰ ই-কেৱাইচিৰ সময়সীমা বৃদ্ধি, নতুন তাৰিখসহ ডীলাৰলৈ কেন্দ্ৰীয় নিৰ্দেশনা

August 15, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Independence Day 2026 : লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত পুনৰ অনুপস্থিত ৰাহুল-খাৰ্গে, বিজেপিৰ কটাক্ষ

Independence Day 2026 : লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত পুনৰ অনুপস্থিত ৰাহুল-খাৰ্গে, বিজেপিৰ কটাক্ষ

August 15, 2026
Independence Day 2026 : খানাপাৰাত কেন্দ্ৰীয় স্বাধীনতা দিৱসৰ পতাকা উত্তোলন মুখ্যমন্ত্ৰীৰ

Independence Day 2026 : খানাপাৰাত কেন্দ্ৰীয় স্বাধীনতা দিৱসৰ পতাকা উত্তোলন মুখ্যমন্ত্ৰীৰ

August 15, 2026
El Nino : বছৰৰ শেষলৈকে প্ৰশান্ত মহাসাগৰত সাত দশকৰ শক্তিশালী এল নিনো, ভাৰতত কি প্ৰভাৱ পৰিব

El Nino : বছৰৰ শেষলৈকে প্ৰশান্ত মহাসাগৰত সাত দশকৰ শক্তিশালী এল নিনো, ভাৰতত কি প্ৰভাৱ পৰিব

August 15, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx