![]()
বৃহস্পতিবাৰে পুৱাৰ ভাগত ডিফু থানা এলেকাৰ হাতীকেম্পৰ (Elephant camp in Diphu police station area) সমীপৰ এখন হাবিৰ মাজত এজন যুৱকৰ মৃতদেহ উদ্ধাৰৰ (Youth’s body found) ঘটনাই এলেকাটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ প্ৰাপ্ত খবৰ অনুসৰি বৃহস্পতিবাৰে পুৱাৰ ভাগত হাতীকেম্পৰ এজন লোকে হাবিখনত ঘাঁহ কাটিবলৈ গৈ প্ৰত্যক্ষ কৰি স্থানীয় লোকক খবৰ দিয়ে ৷

স্থানীয় লোকে মৃতদেহটো হাতীকেম্পৰ অন্ত্ৰেবুল ইংতিৰ পুত্ৰ ইলিয়াছ ইংতি (Ilyas Ingti) (২৬) বুলি জানিব পৰা গৈছে ৷পৰিয়ালৰ সুত্ৰৰ পৰা জানিব পৰা অনুসৰি ইলিয়াছ ইংতিয়ে যোৱা ৫ দিন পূৰ্বে কামলৈ বুলি এলাই গৈ নিৰুদ্দেশ হৈ আছিল ৷ যুৱক জনৰ মৃত্যুৰ ৰহস্য এতিয়াও সন্দেহৰ আৱৰ্তত আছে ৷
যুৱকজনক কেনোৱে হত্যা কৰিছে নেকি সেয়া আৰক্ষীৰ তদন্ত স্পষ্ট হৈ পৰিব ৷ আনহাতে মৃতদেহটোৰ খবৰ লাভ কৰি ডিফু আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে ৷ পিছত মৃতদেহটো কাৰ্যবাহী দণ্ডাধীশৰ হতুৱাই চুৰৎহাল কৰাৰ পিছত মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিএমচিএইছলৈ প্ৰেৰণ কৰা হয় বুলি জানিব পৰা গৈছে৷













