![]()
আজিৰে পৰা প্ৰায় ৩ মাহ পূৰ্বে আঘাতপ্ৰাপ্ত হোৱা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ (Kaziranga National Park) এটি গঁড়ে আজি পুৱা শিলঘাটৰ কলিয়াবৰ মেনৰ নামৰ ৰিজৰ্টখনৰ সমীপত মৃত্যুক আঁকোৱালি লয়।

অৱশ্যে গঁড়টোৰ খৰ্গ সুৰক্ষিত অৱস্থাত আছে। ঘটনাস্থলীত কাজিৰঙাৰ বন বিভাগৰ বিষয়ববীয়া উপস্থিত হোৱা পিছতেই খৰ্গটো উদ্ধাৰ কৰি নিজৰ জিম্মালৈ নিয়ে। আনহাতে, গঁড়টোৰ মৰণোত্তৰ পৰীক্ষাৰ পাছত বিভাগীয় নিয়ম অনুসৰি পুতি থ’ব বন বিভাগে। উল্লেখ্য যে, তিনিমাহ পূৰ্বে গঁড়টো আঘাতপ্ৰাপ্ত হৈছিল যদিও বন বিভাগে চিকিৎসাৰ ব্যৱস্থা নকৰাৰ ফলত আজি পুৱা গঁড়টোৰ মৃত্যু হয়।












