তৃণমূল কংগ্ৰেছৰ সাংসদলৈ জাননী উচ্চতম ন্যায়ালয়ৰ। তৃণমূল কংগ্ৰেছৰ সাংসদৰ বিৰুদ্ধে চলি থকা দলত্যাগ-বিৰোধী আইনৰ গোচৰত মঙলবাৰে এই গুৰুত্বপূৰ্ণ পদক্ষেপ গ্রহণ কৰিছে উচ্চতম ন্যায়ালয়ে। তৃণমূল কংগ্ৰেছৰ সৰ্বভাৰতীয় সাধাৰণ সম্পাদক তথা লোকসভাৰ সাংসদ অভিষেক বন্দ্যোপাধ্যায়ে দাখিল কৰা আবেদন সন্দর্ভত শীর্ষ আদালতে ২০ জন বিদ্রোহী সাংসদলৈ জাননী জাৰি কৰি তেওঁলোকৰ পৰা উত্তৰ বিচাৰিছে।

এই আবেদনৰ মূল দাবী আছিল লোকসভাৰ অধ্যক্ষ ওম বিৰলাই দলত্যাগৰ অভিযোগত দাখিল কৰা অযোগ্য ঘোষণাৰ আবেদনসমূহৰ ওপৰত অতিৰিক্ত পলম নকৰি সময়সীমাৰ ভিতৰত সিদ্ধান্ত লওক। গোচৰটো মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ নেতৃত্বাধীন ন্যায়াধীশ জয়মাল্য বাগচী আৰু ন্যায়াধীশ ভি মোহনাৰে গঠিত বেঞ্চে শুনানি গ্রহণ কৰে।
কিন্তু শুনানিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হৈছে – ন্যায়ালয়ে ২০ জন সাংসদলৈ জাননী জাৰি কৰিলেও লোকসভাৰ অধ্যক্ষ বা তেওঁৰ কাৰ্যালয়লৈ পৃথককৈ জাননী জাৰি কৰা নাই। তাৰ কাৰণো আদালতত স্পষ্ট হৈ পৰে।
শুনানিত লোকসভাৰ অধ্যক্ষ ওম বিৰলা আৰু লোকসভাৰ মহাসচিবকো পক্ষভুক্ত কৰা হৈছিল। কিন্তু কেন্দ্ৰীয় চৰকাৰৰ ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই আদালতক জনায় যে, তেওঁ অধ্যক্ষ আৰু লোকসভা সচিবালয়ৰ হৈ আদালতত উপস্থিত থাকিব আৰু তেওঁৰ হাতত অধ্যক্ষৰ পৰা প্ৰয়োজনীয় নিৰ্দেশনাও আছে।
আদালতে প্ৰথমে সংশ্লিষ্ট উত্তৰদাতাসকললৈ জাননী জাৰি কৰাৰ কথা বিবেচনা কৰিছিল। কিন্তু ছলিচিটৰ জেনেৰেলে স্পষ্ট কৰে যে অধ্যক্ষৰ কাৰ্যালয়লৈ পৃথক জাননী দিয়াৰ প্ৰয়োজন নাই, কিয়নো তেওঁ নিজেই অধ্যক্ষৰ হৈ আদালতত সঁহাৰি দিব। ইয়াৰ পিছতেই আদালতে ২০ জন বিদ্ৰোহী সাংসদলৈ জাননী জাৰি কৰে।
অৰ্থাৎ, স্পীকাৰক বাদ দিয়া হোৱা নাই; বৰং তেওঁৰ হৈ চৰকাৰৰ শীৰ্ষ আইন বিষয়া আদালতত উপস্থিত থকাৰ বাবে পৃথক জাননীৰ প্ৰয়োজন নথকা বুলি আদালতৰ সন্মুখত অৱস্থা স্পষ্ট কৰা হয়।
শুনানিৰ সময়ত ন্যায়াধীশ জয়মাল্য বাগচীয়ে গুৰুত্বপূৰ্ণ মন্তব্য কৰি কয় যে বিষয়টো কেৱল জাননী জাৰি কৰাৰ নহয়; মূল প্ৰশ্ন হৈছে সমগ্ৰ প্ৰক্ৰিয়াটো এটা যুক্তিসংগত সময়সীমাৰ ভিতৰত সম্পূৰ্ণ কৰা।
তৃণমূলৰ অভিযোগ হৈছে – ২০ জন সাংসদৰ বিৰুদ্ধে অযোগ্য ঘোষণাৰ আবেদন দাখিল কৰাৰ পিছতো সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত পলম হৈছে। সেইবাবেই দলটোৱে এই প্ৰক্ৰিয়াত আদালতৰ হস্তক্ষেপ বিচাৰিছে।
এই সমগ্ৰ ৰাজনৈতিক-আইনী সংঘাতৰ আৰম্ভণি হয় যেতিয়া তৃণমূল কংগ্ৰেছৰ ২০ জন সাংসদে দলৰ পৰা পৃথক হৈ Nationalist Citizens Party of India (NCPI) নামৰ এটা সৰু ৰাজনৈতিক দলৰ সৈতে সংযুক্ত হয় পৃথক গোট হিচাপে নিজকে দাবী কৰে। বিদ্ৰোহী সাংসদসকলে লোকসভাত পৃথক গোট হিচাপে স্বীকৃতি আৰু পৃথক আসন বিচাৰিছিল। লোকসভাৰ অধ্যক্ষই পিছত তেওঁলোকৰ বাবে পৃথক আসনৰ ব্যৱস্থা কৰিছিল।














