
গুৱাহাটী স্প’ৰ্টছ এছ’চিয়েচনৰ উদ্যোগত আৰু অসমৰ বিভিন্ন জিলা ক্ৰীড়া সংস্থাৰ সহযোগত তথা অসম ক্ৰিকেট সন্থাৰ পৃষ্ঠপোষকতাত কালি পৰা আৰম্ভ হোৱা ৭১ সংখ্যক ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী (Gopinath Bordoloi Trophy) ২০২৬ৰ খেল অসমৰ ২১খন জিলাত একেলগে আৰম্ভ হৈছে যদিও আজি কাৰ্বি আংলং জিলাত আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়। এই প্ৰতিযোগিতা ৭ নৱেম্বৰলৈকে চলিব। কাৰ্বি আংলং ক্ৰীড়া সন্থা (কাছা)ৰ খেলপথাৰত অনুষ্ঠিত জিলা পৰ্যায়ৰ বাছনি প্ৰতিযোগিতাখন উদ্বোধন কৰে কাছাৰ সাধাৰণ সম্পাদক ড০ পংকজ টেৰনে। হিলছ ইউনাইটেড এফ চি আৰু ডি এফ এৰ মাজত অনুষ্ঠিত কৰা হয় উদ্বোধনী মেচখন। গ’লৰ বন্যা বোৱাই একপক্ষীয় মেচখনত ৭-০ গ’লৰ ব্যৱধানত জয়লাভ কৰে হিলছ ইউনাইটেডে।

কাছাৰ সাধাৰণ সম্পাদক পংকজ টেৰনে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে, বৰাক জ’নত অন্তৰ্ভুক্ত হোৱা কাৰ্বি আংলং জিলাৰ আঠটা দলে এ আৰু বি গ্ৰুপৰ হৈ খেলপথাৰত নামিব। লগতে ডিফুত জ’নেল পৰ্যায়ৰ খেলো অনুষ্ঠিত হ’ব, য’ত কাৰ্বি আংলং, হাইলাকান্দি আৰু শিলচৰৰ বিজয়ী দলসমূহে পৰৱৰ্তী পৰ্যায়ৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। খেলপথাৰত উপস্থিত থাকি ফুটবলাৰসকলক উৎসাহিত কৰিবলৈ টেৰনে জনসাধাৰণৰ প্ৰতি আহ্বান জনায়।













