
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ২৫ বছৰ জনসেৱা তথা কাৰ্যকাল সম্পূৰ্ণ হোৱাৰ উপলক্ষে গ্ৰহণ কৰা কাৰ্যসূচীৰ অংশ হিচাপে ডিফুৰ তাৰালাংছ পি’পলছ হলত বাহিৰ কৰা হয় এই কলহ যাত্ৰা।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কাৰ্বি আংলং জিলা বিজেপিৰ উদ্যোগত আয়োজিত কৰা কলহ যাত্ৰাত চিইএম তুলিৰাম ৰংহাঙ, সাংসদ অমৰছিং তিছ আৰু বিধায়কসকলৰ লগত বিজেপিৰ সকলো পৰ্যায়ৰ কাৰ্যকৰ্তাসকল অংশগ্ৰহণ কৰে। ইয়াৰ পিছে তাৰালাংছৰ ছেৰতালিন প্ৰেক্ষাগৃহত আয়োজিত এখন ভাৰ্চুয়েল সভাতো বিজেপিৰ নেতৃবৰ্গে অংশ কৰে।













