
কাৰ্বি আংলং (Karbi Anglong) জিলা মহিলা সমিতিৰ ৬০ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন। লগতে মহিলা সমিতিৰ উদ্যোগত শুকুৰবাৰে ডিফুস্থিত সমিতিৰ কাৰ্যালয়ত গান্ধীজয়ন্তী উদযাপন (Celebration of Gandhi Jayanti) কৰা হয়। প্ৰতিষ্ঠা দিৱস উপলক্ষে জিলা মহিলা সমিতিৰ পতাকা উত্তোলন কৰে সমিতিৰ সভানেত্ৰী খিৰলা তেৰনপীয়ে। পতাকা উত্তোলনৰ ভাষণত তেওঁ কয় যে ১৯৬৬ চনত প্ৰীতি গোস্বামী আৰু কেইগৰাকীমান মহিলাৰ সহযোগত ডিফুত এই মহিলা সমিতি গঠন কৰা হৈছিল। লগতে তেওঁ এয়া জিলাখনৰ প্ৰথম মহিলা সংগঠন বুলি প্ৰকাশ কৰে। নাৰী সংগঠক তথা জিলা মহিলা সমিতিৰ উপদেষ্টা প্ৰেমদা দত্তই আঁত ধৰা স্মৃতি তৰ্পণৰ পিছত গান্ধীজয়ন্তীৰ কাৰ্যসূচী অনুষ্ঠিত কৰা হয়।

কাৰ্বি আলং জিলা লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী সাবিত্ৰী গগৈয়ে মহাত্মা গান্ধীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধা নিবেদন কৰে। আনহাতে, গান্ধীজয়ন্তীৰ অংশ হিচাপে আয়োজন কৰা সৰ্বধৰ্ম প্ৰাৰ্থনা কাৰ্যসূচীত বিভিন্ন ধৰ্মাৱলম্বী লোকে অংশগ্ৰহণ কৰে। ইফালে মহিলা সমিতিৰ সদস্যাসকলে ভজন পৰিবেশন কৰে। এই অনুষ্ঠানৰ লগত সংগতি ৰাখি আয়োজন কৰা স্বাস্থ্য শিবিৰ মুকুলি কৰে বিশিষ্ট সমাজসেৱক মুকুল চন্দ্ৰ বৰুৱাই। এই স্বাস্থ্য শিবিৰত বয়োজ্যেষ্ঠ মহিলাসকলে চকু, মধুমেহ, ৰক্তচাপ আৰু অন্যান্য ৰোগৰ পৰীক্ষা কৰে।

মহিলা সমিতিৰ সম্পাদিকা সুৱৰ্ণ চেতিয়া বৰুৱা আৰু সদস্যাসকলে আমন্ত্ৰিত অতিথিসকলক ফুলাম গামোচাৰে সম্বৰ্ধনা জনায়। অনুষ্ঠানত ডিফু শাখা সাহিত্য সভাৰ সভাপতি দেবেন কাকতি, ডিফু কলা কেন্দ্ৰৰ সম্পাদক দিলীপ কুমাৰ দাস, লেখক তথা সাংবাদিক সঞ্জু বৰা, বিশিষ্ট সমাজসেৱিকা সাবীনা তেৰনপী, মহিলা নেত্ৰী বিওলেত বেপী প্ৰমুখ্যে বহু মহিলা সংগঠনৰ প্ৰতিনিধি উপস্থিত থাকে।













