
কাৰ্বি আংলং জিলাৰ ডিফুৰ নিবাসী তথা বিশিষ্ট কবি, লেখক, ৰাজনীতিবিদ নীলাম্বৰ ৰংপিৰ (Neelambar Rongpir) আজিৰ ডিফু চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত আবেলিৰ ৩ টা মান বজাত দেহাৱসান হয়। প্ৰয়াত ৰংপিয়ে ২০০১ চনত কাৰ্বি আংলং ৰাজ্য দাবী সমিতিৰ চমু ইতিহাস, ২০০৩ চনত কাৰ্বি সমাজত বহলভাৱে চৰ্চিত ‘কৰহন জাংৰেচ’ নামৰ উপন্যাস প্ৰনয়ন কৰাৰ উপৰি কেইবাটাখনো গ্ৰন্থৰ ৰচনা কৰি সাহিত্য ভঁৰালত চহকী কৰে। তেওঁৰ মৃত্যুৰ সময়ত পত্নীৰ মীনু টেৰনপী, দুই পুত্ৰ, বোৱাৰী, জীয়েক আৰু নাতি নাতিনীক ইহসংসাৰত এৰি থৈ য়ায়। মৃত্যুৰ সময়ত তেওঁৰ বয়স ৭২ হৈছিল।













