
অসম বিধানসভাৰ আনুমানিক ব্যয় সমিতিৰ কাৰ্বি আংলং জিলাৰ উন্নয়নমূলক আঁচনিৰ পৰ্যালোচনা। এটা ছয়জনীয়া দলে মঙলবাৰে সন্ধিয়া জিলাখনত ৰূপায়ণ হৈ থকা বিভিন্ন কাম-কাজৰ পৰ্যালোচনা কৰে। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ তথা অন্যান্য বিভাগৰ দ্বাৰা ৰূপায়ণ কৰা আঁচনি আৰু প্ৰকল্পসমূহৰ অগ্ৰগতিৰ মূল্যায়ন কৰে। জিলাখনত ক্ষেত্ৰ পৰিদৰ্শনৰ পিছত দলটোৱে সন্ধিয়া ডিফুৰ আৰ্বৰেটাম-কাম-ক্রাফট কেন্দ্ৰৰ সন্মিলন কক্ষত বিভাগীয় মুৰব্বীসকলৰ সৈতে এক পৰ্যালোচনা বৈঠকত মিলিত হয়।

অসম বিধানসভাৰ আনুমানিক ব্যয় সমিতিৰ অধ্যক্ষ তথা বিধায়ক প্ৰশান্ত ফুকনে সভাপতিত্ব কৰা বৈঠকত সমিতিখনে আঁচনিসমূহৰ ফলপ্ৰসুলতাৰ বিষয়ে বিশদভাৱে আলোচনা কৰে। ৰাজহুৱা ধনৰ ব্যৱহাৰ আৰু কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙত চলি থকা বিভিন্ন উন্নয়নমূলক পদক্ষেপৰ অগ্ৰগতিৰ মূল্যায়নৰ উদ্দেশ্যে সমিতিখনে এই ভ্ৰমণ কৰে। সমিতিখনক প্ৰতিনিধিত্ব কৰে বিধায়ক নুৰুল হুদা, চন্দ্ৰধৰ গগৈ, শিলাদিত্য দেৱ, উৎপল বৰা আৰু সভাৰাম বসুমতাৰীয়ে।













