ASSAM TIMES POST
নগাঁও : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নগাঁও জিলাৰ অংশৰ পৰা ২০১৯ বৰ্ষত এটাও গঁড় হত্যা হোৱা নাই । বন বিভাগ আৰু আৰক্ষীৰ চোকা নজৰৰ বাবেই ২০১৯ বৰ্ষত চোৰাং চিকাৰীয়ে বাগৰি আৰু বুঢ়াপাহাৰ বনাঞ্চল এলেকাত গঁড় হত্যা কৰিব পৰা নাই।
জিলাখনৰ জখলাবন্ধা আৰক্ষী থানাৰ অন্তৰ্গত এই বানাঞ্চল দুখনত কেইবাবাৰো চোৰাং চিকাৰীৰ দল প্ৰবেশ কৰি গড় হত্যাৰ প্ৰচেষ্টা চলাই যদিও সফল হ’ব পৰা নাই। নগাঁও আৰক্ষীৰ এক সূত্রই জনোৱা মতে, ২০১৯ বৰ্ষত ২১ জন চোৰাং চিকাৰীক জখলাবন্ধা আৰক্ষী থানাৰ অধীনত অস্ত্ৰ শস্ত্ৰসহ গ্ৰেপ্তাৰ কৰিববলৈ সক্ষম হৈছিল।
আৰক্ষীৰ সুত্ৰটোৱে আৰু জনোৱা মতে, ২০১১ বৰ্ষত বুঢা় পাহাৰ বনাঞ্চলত ১টা গঁড় হত্যা কৰে চোৰাং চিকাৰীয়ে, একেদৰে ২০১২ বৰ্ষত বাগৰি বনাঞ্চলত ৬টা, বুঢ়াপাহাৰত ৩টা, ২০১৩ চনত বাগৰিত ৭টা বুঢ়াপাহাৰত ৯টা, ২০১৪ বৰ্ষত বাগৰিত ২টা, বুঢ়াপাহাৰত ৭টা, ২০১৫ বৰ্ষত বাগৰিত ২টা বুঢ়াপাহাৰত ৮টা, ২০১৬ বৰ্ষত বাগৰিত ৫টা বুঢ়াপাহাৰত ৬টা, ২০১৭ বৰ্ষত বুঢ়াপাহাৰত ৪টা, ২০১৮ বৰ্ষত বাগৰিত ৩টা বুঢ়াপাহাৰত ১টা গঁড় চোৰাংচিকাৰীয়ে হত্যা কৰিছিল। মুঠতে ২০১১ বৰ্ষৰ পৰা ২০১৮ বৰ্ষলৈকে ৮ বছৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নগাঁও জিলা অংশত ৬৩ টা গড় চোৰাং চিকাৰীয়ে হত্যা কৰে।













