
অসমৰ সাংস্কৃতিক জগতৰ বাবে এক দুখৰ খবৰ। অসমীয়া ছবি জগতৰ বিশিষ্ট তথা মোহময়ী অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই। মঙলবাৰে সন্ধিয়া তেওঁৰ দেহাৱসান ঘটে। গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট অভিনেতা তপন দাসৰ পত্নী পূৰবী শৰ্মাই।

মঙলবাৰে সন্ধিয়া হঠাৎ অসুস্থ হৈ পৰাত তেওঁক গুৱাহাটীৰ মাৰোৱাৰী মেটাৰনিটি হাস্পতালত ভৰ্তি কৰায় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে ৷
উল্লেখযোগ্য যে অসমীয়া ছবি জগতৰ উপৰি অনাতাঁৰ নাট, দূৰদৰ্শন আৰু ভ্ৰাম্যমাণ থিয়েটাৰতো নিজৰ অভিনয় প্ৰতিভাৰে শ্ৰোতা দৰ্শকক আপ্লুত কৰি গৈছে পূৰবী শৰ্মাই। তেওঁৰ মৃত্যুত অসমৰ সাংস্কৃতিক জগত তথা সমাজত গভীৰ শোকৰ ছাঁ পৰিছে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬৫ বছৰ।
চিকিৎসালয় সূত্ৰই প্ৰকাশ কৰা অনুসৰি, সন্ধিয়া প্ৰায় ৬.৩০ বজাত অসুস্থতাৰ বাবে তেওঁক পৰিয়ালৰ লোকে চিকিৎসালয়ত ভৰ্তি কৰাইছিল৷ পৰিয়ালৰ লোকে জনোৱা মতে, তেওঁ বাথৰুমত পৰি আছিল। কিন্তু ৬.৪৫ মিনিটত চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। হাস্পতালৰ সূত্ৰ অনুসৰি, হৃদৰোগত আক্ৰান্ত হোৱাৰ বাবে অভিনেত্ৰীগৰাকীৰ মৃত্যু হয়।
উল্লেখযোগ্য যে নব্বৈৰ দশকৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী আছিল পূৰৱী শৰ্মা। ১৯৮০ চনত মুক্তিপ্ৰাপ্ত নীপ বৰুৱাৰ ‘আজলী নবৌ’ ছবিৰ জৰিয়তে অসমীয়া ছবি জগতত পূৰবী শৰ্মাই আত্মপ্ৰকাশ কৰিছিল।
তেওঁ অভিনয় কৰা কেইখনমান উল্লেখযোগ্য ছবি হৈছে ‘এণ্টনি মোৰ নাম’, ‘প্ৰথম ৰাগিনী’, ‘কন্যাদান’, ‘পিতা-পুত্ৰ’, ‘সোণমইনা’, ‘বিধাতা’, ‘বাৰুদ’, ‘ৰিঙা ৰিঙা মন’, ‘পাহাৰী কন্যা’, ‘প্ৰভাতী পখীৰ গান’, ‘ৰক্তবীজ’, ‘পূজা’, ‘ভাই ভাই’, ‘অশান্ত প্ৰহৰ’, ‘অহিৰ ভৈৰৱ’, ‘সোণ মইনা’, ‘সংকল্প’, ‘অভিমান’ আদি। ইয়াৰ উপৰি তেওঁকেইখন বহু ভিডিঅ’ ছবিতো অভিনয় কৰিছিল। পূৰবী শৰ্মাই হেঙুল, কহিনুৰ আৰু শ্ৰীমন্তশঙ্কৰদেৱ থিয়েটাৰৰ মঞ্চত কেইবা বছৰো অভিনয় কৰিছিল ৷
গুৱাহাটীৰ শান্তিপুৰ হিলছাইডৰ বাসিন্দা পূৰবী শৰ্মাই মৃত্যুৰ সময়ত বিশিষ্ট অভিনেতা স্বামী তপন দাসৰ লগতে একমাত্ৰ কন্যা ৰাগিনীক ইহসংসাৰত এৰি থৈ গৈছে। কন্যা ৰাগিনী হৈছে ধ্ৰুপদী নৃত্যৰ এগৰাকী সুনিপুণ শিল্পী।













