
বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ডই (Murder in Hazarikapara, Bilasipara) অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। গাঁওখনৰ হাকিমুল কৰিম (Hakimul Karim)ৰ দ্বিতীয় পত্নীক হত্যা (Killing the second wife) কৰি মাটিৰ তলত পুতি ৰখা অৱস্থাত উদ্ধাৰ কৰা হৈছে। এই লোমহৰ্ষক হত্যাকাণ্ডত মহিলাগৰাকীৰ স্বামী হাকিমুল কৰিম আৰু প্ৰথমা পত্নী ফজিলা জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছে৷

এই অভিযোগ কৰিছে হত্যাৰ বুলি হোৱা ছাহেবা বিবিৰ (Sahaba Bibi) পৰিয়ালে৷ কি কাৰণত মহিলাগৰাকীক হত্যা কৰিলে সেই কথা বাতৰি লিখা পৰ্যন্ত জানিব পৰা নাই৷ ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী আৰু দণ্ডাদীশৰ লগতে ফৰেনচিকৰ দল উপস্থিতিত হৈছে৷ আনহাতে দণ্ডাদীশৰ উপস্থিতিত আৰক্ষীয়ে পুতি থোৱা অৱস্থাৰ পৰা ছাহেবাৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।
ইয়াৰ লগতে আৰক্ষী আৰু ফৰেনচিকৰ দলে এই হত্যাকাণ্ডৰ তদন্ত আৰম্ভ কৰিছে। হাজাৰিপাৰাৰ এই লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনাৰ লগত জড়িত সকলোৰে কঠোৰ শাস্তি দাবী কৰিছে ছাহেবাৰ পৰিয়াল তথা স্থানীয় ৰাইজে৷













