ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

CM Himanta Biswa Sarma I গৰমৰ বন্ধ কেনেকৈ কটাব? মৰমৰ ভাগিনলৈ মুখ্যমন্ত্ৰী মামাৰ পৰামৰ্শ

Staff Reporter by Staff Reporter
July 9, 2026
Reading Time: 1 min read
A A
0
Assam government: A strong move to reduce event expenses through a virtual meeting amid India-Pakistan tensions

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস

বৰ্তমান বিদ্যালয়সমূহত গৰমৰ বন্ধ চলি আছে। এই গৰমৰ বন্ধকেইদিন কেনেদৰে কটাব তাৰ বাবে বিভিন্ন ছাত্ৰ-ছাত্ৰীয়ে বিভিন্ন ধৰণৰ পৰিকল্পনা কৰে। নিয়মীয়া পঢ়া-শুনাৰ উপৰি গৰমৰ বন্ধত অতিৰিক্ত হোমৱৰ্ক থাকে। আনহাতে, শৈক্ষিক-সাংস্কৃতিক বিভিন্ন গ্ৰীষ্মকালীন কৰ্মশালা আদিও থাকে। তাৰ মাজতে আকৌ সময় উলিয়াই বহুতে ভ্ৰমণৰ অভিজ্ঞতাও লাভ কৰে। এইবাৰ গৰমৰ বন্ধৰ দিনকেইটা কেনেদৰে পাৰ কৰিব তাৰ বাবে মৰমৰ ভাগিনসকললৈ পৰামৰ্শ আগবঢ়াইছে অতি প্ৰিয় মামা তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। সামাজিক মাধ্যমযোগে মৰমৰ হিমন্ত মামাই ভাগিনসকললৈ এই পৰামৰ্শ আগবঢ়াইছে।

CM Himanta Biswa Sarma I
গৰমৰ বন্ধ কেনেকৈ কটাব? মৰমৰ ভাগিনলৈ মুখ্যমন্ত্ৰী মামাৰ পৰামৰ্শ:

তেওঁ লিখিছে, “মৰমৰ ভাগিনসকল,
এতিয়া নিশ্চয় তোমালোকৰ গৰমৰ বন্ধ চলি আছে। তোমালোকৰ দৰে ময়ো শৈশৱত এই সময়খিনিৰ বাবে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছিলোঁ। কিয়নো গৰমৰ বন্ধ মানেই আছিল বিদ্যালয়ৰ চৌহদৰ বাহিৰে এখন নতুন পৃথিৱীৰ সৈতে চিনাকি হোৱাৰ এক বিশেষ সুযোগ। গৰমৰ বন্ধ মানেই আছিল মামাৰ ঘৰলৈ যোৱা, নতুন ঠাই চোৱা, খুৰা-খুৰী, ককা-আইতা আৰু ককাই-ভাই-ভনীৰ সৈতে হাঁহি-ধেমালিৰে সময় কটোৱা।”

তেওঁ লগতে লিখিছে, “গাঁৱত ডাঙৰ হোৱাসকলৰ বাবে এই সময়খিনি আৰু অধিক বিশেষ আছিল– গছৰ পৰা বতৰৰ ফল ছিঙি খোৱা, পুখুৰীত মাছ ধৰা, পথাৰত খেলাধূলা কৰা, সন্ধিয়ালৈ ক্ৰিকেট বা ফুটবল খেলি ঘৰলৈ ওভতা। আজিও সেই স্মৃতিবোৰ মনত পৰিলেই এক বিশেষ আনন্দ অনুভৱ কৰোঁ।”

পৰিৱৰ্তিত সময়ৰ কথা উল্লেখ কৰি লিখিছে, “আজি সময় সলনি হৈছে। ম’বাইল ফোন আৰু ইণ্টাৰনেটে আমাৰ জীৱন বহুখিনি সহজ কৰিছে। কিন্তু মোৰ বিশ্বাস, জীৱনৰ কিছুমান বাস্তৱ অভিজ্ঞতা কোনো ডিজিটেল স্ক্ৰীনে দিব নোৱাৰে। সেইবাবেই এই গৰমৰ বন্ধত তোমালোকলৈ মোৰ এটা আন্তৰিক অনুৰোধ। যদি সুযোগ পোৱা, এবাৰ নিজ নিজ মামাৰ ঘৰলৈ গৈ আহিবা।”

মুখ্যমন্ত্ৰীৰ পৰামৰ্শ, “আইতা-ককাৰ লগত বহি সাধু শুনিবা, বন্ধু-বান্ধৱীৰ সৈতে খেলিবা, এখন ভাল কিতাপ পঢ়িবা অথবা নতুন কিবা শিকাৰ চেষ্টা কৰিবা। যদি মা-দেউতাই ক’ৰবালৈ ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিছে, তেন্তে অসমৰ ঐতিহ্যমণ্ডিত স্থানসমূহৰ লগতে ছাইন্স চিটী, শ্বহীদ স্মাৰক, লাচিত বৰফুকনৰ মৈদাম আদি ঠাইও চাই অভিজ্ঞতা বুটলিব পাৰা।” লগতে লিখিছে, “আৰু এটা বিশেষ কাম নিশ্চয় কৰিবা–‌ নিজৰ বন্ধু-বান্ধৱী, শিক্ষক-শিক্ষয়িত্ৰী, আত্মীয়-স্বজন অথবা সমাজ জীৱনৰ কোনো প্ৰিয় ব্যক্তিলৈ এখন চিঠি লিখিবা। আজিৰ সময়ত চিঠি লিখাৰ অভ্যাস দিনে দিনে কমি আহিছে যদিও চিঠিয়ে মনৰ অনুভৱ গভীৰভাৱে প্ৰকাশ কৰাত সহায় কৰে আৰু মানুহক অধিক সৃষ্টিশীল কৰি তোলে।”

শেষত লিখিছে, “মই আশা কৰিছোঁ, এইবাৰৰ গৰমৰ বন্ধত তোমালোকে নতুন অভিজ্ঞতা, নতুন চিন্তা আৰু নতুন স্মৃতিৰে সমৃদ্ধ হৈ উঠিবা।
সকলোৱে ভালে থাকিবা দেই…”

Tags: গৰমৰ বন্ধ কেনেকৈ কটাব?মৰমৰ ভাগিনলৈ মুখ্যমন্ত্ৰী মামাৰ পৰামৰ্শ
Share4Tweet3Send

Related Posts

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন
Assam

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন

by News Desk
July 17, 2026
50
Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু
Assam

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

by News Desk
July 15, 2026
50
Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস
Assam

Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস

by Staff Reporter
July 14, 2026
50
‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত
Assam

‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত

by News Desk
July 13, 2026
50
Assam Announces Rs 360 Crore State Zoo Revamp — Himanta Biswa Sarma
Assam

Assam Announces Rs 360 Crore State Zoo Revamp — Himanta Biswa Sarma

by News Desk
July 11, 2026
50
HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে
Assam

HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে

by News Desk
July 10, 2026
50
ADVERTISEMENT
Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন
Assam

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন

July 17, 2026
50
ISRO Scientists row : ইছৰোৰ পৰা হঠাৎ পদত্যাগ ১০০ বিজ্ঞানীৰ, মহাকাশ গৱেষণাত ডাঙৰ বিপৰ্যয়ৰ পিছত ইছৰোৰ ব্যৱস্থা গ্ৰহণ
National-International

ISRO Scientists row : ইছৰোৰ পৰা হঠাৎ পদত্যাগ ১০০ বিজ্ঞানীৰ, মহাকাশ গৱেষণাত ডাঙৰ বিপৰ্যয়ৰ পিছত ইছৰোৰ ব্যৱস্থা গ্ৰহণ

July 17, 2026
50
Hydrogen Train : দেশৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’ল উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ
National-International

Hydrogen Train : দেশৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’ল উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

July 17, 2026
50
FIFA 2026 final I বিশ্বকাপৰ ফাইনেলত ১১টা অভিলেখৰ অপেক্ষাত মেছি
National-International

FIFA 2026 final I বিশ্বকাপৰ ফাইনেলত ১১টা অভিলেখৰ অপেক্ষাত মেছি

July 17, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন

July 17, 2026
ISRO Scientists row : ইছৰোৰ পৰা হঠাৎ পদত্যাগ ১০০ বিজ্ঞানীৰ, মহাকাশ গৱেষণাত ডাঙৰ বিপৰ্যয়ৰ পিছত ইছৰোৰ ব্যৱস্থা গ্ৰহণ

ISRO Scientists row : ইছৰোৰ পৰা হঠাৎ পদত্যাগ ১০০ বিজ্ঞানীৰ, মহাকাশ গৱেষণাত ডাঙৰ বিপৰ্যয়ৰ পিছত ইছৰোৰ ব্যৱস্থা গ্ৰহণ

July 17, 2026
Hydrogen Train : দেশৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’ল উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

Hydrogen Train : দেশৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’ল উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

July 17, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx