
নগাঁও জিলাৰ চামগুৰিত হোৱা এক হত্যাকাণ্ডই (Samguri Murder) চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ অঞ্চলটোৰ ভোমোৰাগুৰিত এজন ব্যক্তিয়ে তেওঁৰ পত্নীক দাৰে ঘপিয়াই হত্যা কৰে৷ ইয়াৰ লগতে ব্যক্তিজনৰ মাতৃ গুৰতৰভাৱে আহত হয়৷

প্ৰাপ্ত তথ্য মতে পাৰিবাৰিক কন্দলৰ বাবেই এই হত্যাকাণ্ড সংঘটিত হয়৷ পুৱাই সংঘটিত হোৱা এই চাঞ্চল্যৰ ঘটনাটো৷ উল্লেখ্য যে শুই থকা অৱস্থাতে ৰফিকুল ইছলাম নামৰ ঘাটকে পত্নী আৰু মাতৃক দাৰে আক্ৰমণ কৰে৷ স্বামীৰ দাৰ ঘাপত পত্নী খুদেজা বেগম থিতাতে নিহত হয়৷
আনহাতে ঘাটকৰ মাতৃ মৰজিনা খাটুনক সংকটজনক অৱস্থাত নগাঁও চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় (এনএমচিএইচ)লৈ প্ৰেৰণ কৰা হয়৷ ইতিমধ্যে চামগুৰি আৰু শিৱস্থান আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ঘাটকক কৰায়ত্ত কৰে৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে৷













