
যোৰহাট (Jorhat) জিলাৰ অসম-নাগালেণ্ড সীমান্তৰ নগাবাট (Nagabat on the Assam-Nagaland border)ত এজন চৰকাৰী কৰ্মচাৰীৰ পৰা অবৈধ মাৰণাস্ত্ৰ উদ্ধাৰ (Illegal firearm recovered) কৰা হৈছে৷ তিতাবৰ মহকুমাৰ বৰহোলাৰ সমীপৰ নগাবাটত এটা ঘৰ ভাৰা কৰি আছিল বিজয় কৃষ্ণ বৰা নামৰ চৰকাৰী কৰ্মচাৰীজন৷

তেওঁৰ ভাৰা ঘৰৰ পৰা ১ টা পিষ্টল, ২৩ জাঁই গুলী উদ্ধাৰ কৰে আৰক্ষীয়ে৷ নগাবাটৰ শংকৰ মাধৱ উচ্চ মাধ্যমিক বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী বিজয় কৃষ্ণ বৰাৰ ঘৰ যোৰহাটৰ উপকণ্ঠ ককিলামুখ নিজ বালিগাঁৱত। যোৰহাট আৰক্ষীয়ে অভিযান চলাই বুধবাৰে পুৱা কৰ্মচাৰীজনক গ্ৰেপ্তাৰ কৰে৷













