
বৃহস্পতিবাৰে পুৱাৰ ভাগত মহেন্দ্ৰগড়ত এক ভয়াবহ দুৰ্ঘটনাত পতিত হোৱা এখন স্কুল বাছ পথৰ পৰা উলটি যোৱাত অন্ততঃ আঠ জন শিশুৰ মৃত্যু হোৱাৰ লগতে ১৩ জন আন শিশু গুরুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। প্ৰাথমিক তথ্য মতে, বাছখনে ৩০ জন শিশুক কঢ়িয়াই আনি থকা অৱস্থাতে এই দুৰ্ঘটনাটো ঘটে।

আৰক্ষী সূত্ৰে প্ৰাপ্ত খবৰ মতে, দুৰ্ঘটনাটো পুৱাৰ ভাগত ঘটিছে আৰু উদ্ধাৰ অভিযান ততাতৈয়াকৈ আৰম্ভ কৰা হৈছে।সাক্ষীসকলে দাবি কৰা মতে বাহন চালকজন মাতাল অবস্থাত আছিল। আৰক্ষী অধীক্ষক (এছ.পি.) অৰ্শ বৰ্মাৰ মতে, চালকজনৰ মাতাল অবস্থা নিৰ্ধাৰণ কৰিবলৈ চিকিৎসা পৰীক্ষা চলাই থকা হৈছে।











