![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : বৃহস্পতিবাৰ দিনটোত হাওৰাঘাট থানা দুটাকৈ ভয়াবহ পথ দুৰ্ঘটনাৰ দুঃখবৰে জোকাৰি গ’ল ৷ দিনৰ ভাগত ফুলনিৰ ওচৰত এক মটৰ চাইকেল দুৰ্ঘটনাত দুজনকৈ লোকে কৰুণ মৃত্যুক সাৱটি লোৱাৰ সমান্তৰালকৈ সন্ধিয়াৰ ভাগত হাওৰাঘাটত আন এটা দুৰ্ঘটনাত চাৰিজনকৈ লোক আহত হৈছে বুলি জানিব পৰা গৈছে ৷
প্ৰাপ্ত খবৰ অনুসৰি কাৰ্বি আংলং জিলাৰ হাওৰাঘাট থানাৰ অন্তৰ্গত অন্ গাঁৱত বৃহস্পতিবাৰে সন্ধিয়া সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। আমনি গাঁৱৰ পৰা যাত্ৰীসহ আহি থকা এখন ই-ৰিক্সাক হাওৰাঘাট তিনিআলিৰ পৰা আহি থকা এখন ট্ৰাকে মহতিয়াই নিয়ে। হাইলু গয়াৰী নামৰ এগৰাকী মহিলাসহ আহত হয় চাৰিজন। তাৰে ই-ৰিক্সাৰ চালক সঞ্জয় ৰংপিৰ অৱস্থা অতি সংকটজনক। আন দুগৰাকী যাত্ৰী ক্ৰমে চাহুন চমুৱা আৰু ৰনেন্দ্ৰ গয়াৰীও গুৰুতৰভাৱে আহত হয়।
ইতিমধ্যে আৰক্ষীয়ে ট্ৰাকখনক জব্দ কৰাৰ লগতে চালকজনকো আটক কৰিবলৈ সক্ষম হয়।












