
কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমাৰ অন্তৰ্গত খটখটী বজাৰত এখন ব’লেৰো বাহনত উদ্ধাৰ হৈছে অবৈধ বাৰ্মিজ সুপাৰী৷ আৰক্ষীৰ সূত্ৰে জানিব পৰা ডিমাপুৰৰ পৰা বোকাজান দিশে গৈ থকা এএছ ০১ এমবি ৮৪১৯ নংৰ ব’লেৰো বাহনে চোৰাং সামগ্ৰী লৈ বঙৰোং বস্থিৰ গাঁৱলীয়া পথেৰে পলায়ন কৰিছিল৷ সেই সময়ত খটখটী আৰক্ষীয়ে ব’লেৰোখন জব্দ কৰে৷

এই বাহনখনৰ পৰা প্ৰায় ছয় কুইণ্টল অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ কৰে৷ ইয়াৰ লগতে আৰক্ষীয়ে নাছিৰউদ্দিন নামৰ এটা চোৰাং ব্যৱসায়ীক কৰায়ত্ত কৰে৷ আটক কৰা চোৰাং ব্যৱসায়ী ক্ৰমেনগাঁও জিলাৰ ৰূপহী গাঁৱৰ বুলি জানিব পৰা গৈছে৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে৷













