
বকলীয়াঘাটত চাঞ্চল্য। নগৰখনত মঙলবাৰে দুপৰীয়া এজন যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ এই চাঞ্চল্যৰ সৃষ্টি হয়। প্ৰাপ্ত তথ্য অনুসৰি, সোমবাৰে দুপৰীয়া প্ৰায় ১ বজাত বকলীয়াঘাট নগৰৰ চেমচনছিং ইংতি স্মৃতি উদ্যানৰ সমীপত মৃতদেহটো উদ্ধাৰ কৰা হয়। জানিব পৰা মতে, মৃতদেহটো বকলীয়াঘাট চৌহান বস্তিৰ কৃষ্ণ চৌহান।

লাভ কৰা তথ্যৰ ভিত্তিত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে। অৱশ্যে যুৱকজনৰ মৃত্যু কেনেদৰে হ’ল, এয়া হত্যাকাণ্ড নে আন কিবা কাৰণত মৃত্যু হৈছে বা আন ক’ৰবাত হত্যা কৰি তাত পেলাই থৈ গ’ল নেকি সেই বিষয়ে এতিয়ালৈকে একো জানিব পৰা হোৱা নাই। আৰক্ষীয়ে এই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।













