
কাৰ্বি আংলং (Karbi Anglong) জিলাৰ বোকাজান আৰক্ষী থানাৰ (Bokajan Police Station) অন্তৰ্গত হাতীগড়ত সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড (Murder)। এগৰাকী ৩০ বছৰীয়া যুৱতীক কোনো অচিনাক্ত দুৰ্বৃত্তই নিজগৃহতে চোকা অস্ত্ৰৰে আঘাত কৰি হত্যা কৰে। জানিব পৰা মতে, নিহত যুৱতীগৰাকীৰ নাম বৰষা কাকতি। দিনৰ ভাগত ঘৰত নেদেখাৰ বাবে চুবুৰীয়া লোকে আত্মীয়ক খবৰ দিয়ে। ইয়াৰ পিছত যুৱতীগৰাকীৰ আত্মীয় আহি এক ভয়ংকৰ দৃশ্য প্ৰতক্ষ কৰে। সম্পূৰ্ণ উলংগ অৱস্থাত উদ্ধাৰ হোৱা যুৱতীগৰাকীৰ আৰু ডিঙিত আঘাতৰ স্পষ্ট চিন আছিল। প্ৰত্যক্ষদৰ্শীৰ পৰা জানিব পৰা মতে, কোনো দুৰ্বৃত্তই যুৱতীগৰাকীক ধৰ্ষণ কৰি নিৰ্মমভাৱে হত্যা কৰা বুলি সন্দেহ কৰা হৈছে। উল্লেখ্যে যে নিহত যুৱতীগৰাকীৰ পিতৃয়ে কেইমাহমান পূৰ্বে নিজৰ ঘৈণীয়েকক শোৱাপাটিতেই হত্যা কৰিছিল আৰু বৰ্তমান তেওঁ কৰাবাস খাটি আছে।

ইফালে ঘটনাৰ বিষয়ে জানিব পাৰি বোকাজান আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে। কিন্তু এই পৰ্যন্ত হত্যাকাৰীৰ কোনো সম্ভেদ উলিয়াব পৰা নাই। আনহাতে, এই জঘন্য কাণ্ডত জড়িত কোনো লোক কোনো কাৰণতে যাতে সাৰি যাব নোৱাৰে তাৰ বাবে বোকাজান আৰক্ষীয়ে এই ঘটনাৰ তদন্তৰ ভাৰ অসম আৰক্ষীৰ অপৰাধ শাখাৰ হাতত অৰ্পণ কৰিছে।













