
কাৰ্বি আংলং জিলা পৰিষদ ন্যায়ালয়ৰ (DCC) ৰেজিষ্ট্ৰীয়ে চলিত বৰ্ষৰ ১৪ আগষ্টৰ (14th August) পৰা কাম আৰম্ভ (Start work) কৰিব। কাৰ্বি আংলং জিলা পৰিষদ ন্যায়ালয়ে বৃহস্পতিবাৰে এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে এই কথা জনাইছে। আনহাতে, এই তাৰিখত জিলা পৰিষদ ন্যায়ালয়ৰ কাৰ্য আৰম্ভ কৰাৰ বাবে বাবে এই তাৰিখটোক “নিযুক্ত দিন” হিচাপে অধিসূচিত কৰা হৈছে।
১৪ আগষ্ট ২০২৬ তাৰিখত অসম চৰকাৰৰ চৰকাৰী ৰাজপত্ৰ, বিজ্ঞপ্তি নং ২২, তাৰিখ ৩ জুন, ২০২৬ যোগে “নিযুক্ত দিন” হিচাপে প্ৰকাশ কৰে । নিযুক্ত দিনৰ পৰা জিলা পৰিষদ ন্যায়ালয়ৰ ৰেজিষ্ট্ৰীয়ে নিজৰ ন্যায়িক আৰু প্ৰশাসনিক কাম আৰম্ভ কৰিব। ইয়াৰে ভিতৰত জিলা পৰিষদ ন্যায়ালয়ৰ এক্তিয়াৰৰ ভিতৰত থকা গোচৰ আৰু আবেদন গ্ৰহণ, সেইবোৰৰ পৰীক্ষণ, পঞ্জীয়ন আৰু প্ৰক্ৰিয়াকৰণ থাকিব। এই সকলো কাম প্ৰযোজ্য আইন, নিয়ম, প্ৰথাগত আইন আৰু ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি কৰা হ’ব ।

এই ৰেজিষ্ট্ৰী আৰম্ভ হোৱাটো হৈছে জিলা পৰিষদ ন্যায়ালয়ৰ এক্তিয়াৰৰ ভিতৰত ন্যায় প্ৰশাসনৰ বাবে এক নিয়মীয়া প্ৰতিষ্ঠানিক ব্যৱস্থা স্থাপনৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ। এই ন্যায়ালয়খনে প্ৰযোজ্য আইনী আন্তঃগাঁথনি আৰু নিজৰ এক্তিয়াৰ অনুসৰি, বিশেষকৈ স্বায়ত্তশাসিত জিলাৰ ভিতৰত প্ৰচলিত প্ৰথাগত আইন, ৰীতি-নীতি আৰু পৰম্পৰাৰ পৰা উদ্ভৱ হোৱা বিষয়সমূহত ন্যায়ালয়লৈ যোৱাটো সহজ কৰি তুলিব।
প্ৰথম অৱস্থাত এই ৰেজিষ্ট্ৰীয়ে কেৱল পৰম্পৰাগত বৈশিষ্ট্যৰ আৰু জিলা পৰিষদ ন্যায়ালয়ৰ এক্তিয়াৰৰ ভিতৰত থকা বিষয়সমূহহে গ্ৰহণ কৰি ইয়াৰ প্ৰক্ৰিয়া আগবঢ়াব। ই সক্ষম ন্যায়িক বিষয়াৰ পৰীক্ষণ আৰু নিৰ্দেশনাৰ অধীনত থাকিব।
ৰেজিষ্ট্ৰীয়ে জিলা পৰিষদ ন্যায়ালয়ৰ সক্ষম কৰ্তৃপক্ষই জাৰি কৰা নিৰ্দ্দেশনা অনুসৰি গোচৰ দাখিলৰ প্ৰক্ৰিয়া, শ্ৰেণীবিভাজন, নম্বৰ দিয়া, ন্যায়িক নথিপত্ৰ ৰক্ষণাবেক্ষণ, প্ৰযোজ্য পঞ্জীয়ন/ন্যায়ালয়ৰ মাচুল আদায় আৰু অন্যান্য প্ৰশাসনিক কাম কৰিব।
সাধাৰণ জনতা, অধিবক্তা আৰু গোচৰকাৰীসকলক জিলা পৰিষদ ন্যায়ালয়ত গোচৰ ৰুজু কৰিবলৈ আৰু প্ৰক্ৰিয়াগত প্ৰয়োজনীয়তাৰ বাবে নিৰ্ধাৰিত কৰ্ম সময়ৰ ভিতৰত ৰেজিষ্ট্ৰীৰ কাষ চাপিবলৈ অনুৰোধ জনোৱা হৈছে।












