
চুবুৰীয়াই দিয়া ৰসগোল্লাক কামোৰ দিয়াৰ লগে লগে মুখতে বিস্ফোৰণ (Rasgolla blast)। ৰসগোল্লাৰ ভিতৰত ভৰাই থোৱা আছিল বনগাহৰি মাৰিবৰ বাবে বনোৱা দেশী বোমা। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ চিকিৎসালয়লৈ নিয়াৰ কিছু ঘণ্টাৰ পিছত মৃত্যু হয় এজন ৩৫ বছৰীয়া যুৱকৰ। মধ্যপ্ৰদেশৰ ডিণ্ডাউৰী জিলাত সংঘটিত এই ঘটনাৰ মূল অভিযুক্ত চুবুৰীয়াক আ ৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। প্ৰাথমিক তদন্তত আৰক্ষীয়ে সন্দেহ কৰিছে যে অভিযুক্তই মিঠাইৰ ভিতৰত ঘৰতে বনোৱা বিস্ফোৰকটো লুকুৱাই ৰাখিছিল।

আৰক্ষীৰ সূত্ৰ অনুসৰি, মৃত যুৱকজনৰ নাম ৰাজেন্দ্ৰ বৰাউটিয়া (৩৫)। যোৱা মঙলবাৰে নিশা প্ৰায় ৮ বজাত ডিণ্ডাউৰী কোটিয়ালী থানাৰ অন্তৰ্গত পোৰিয়া চন্তা গাঁৱত সংঘটিত হয় এই ঘটনা। নিশাৰ আহাৰ খোৱাৰ পিছত ৰাজেন্দ্ৰই নিজৰ ঘৰৰ চোতালত বহি জুই জ্বলাই ঘৰৰ মানুহৰ লগত জুই পুৱাই আছিল। সেই সময়ত তেওঁলোকৰ চুবুৰীৰ বাসিন্দা ৰামভগত বৰাউটিয়াই তালৈ আহি ৰাজেন্দ্ৰৰ কাষত বহি কথা পাতিবলৈ ধৰে। নাগপুৰত ডিণ্ডাউৰী কোটৱালি আৰক্ষী থানাৰ পৰিদৰ্শক দুৰ্গা প্ৰসাদে কয় যে কথা পাতি থাকোঁতে ৰামভগতে বোমা ভৰাই থোৱা ৰসগোল্লাটো ৰাজেন্দ্ৰক দিয়ে। তেওঁ কয়, “ৰাজেন্দ্ৰই তাত কামোৰাৰ লগে লগে মুখৰ ভিতৰত বিস্ফোৰণ ঘটে। আচলতে সেইটো গাহৰি মাৰিবৰ কাৰণে বনোৱা বোমা আছিল।”
এই বিস্ফোৰণত ৰাজেন্দ্ৰৰ মুখ আৰু মুখমণ্ডল যথেষ্ট ক্ষতিগ্ৰস্ত হয়। ৰক্তাক্ত অৱস্থাত তেওঁৰ পৰিয়ালৰ লোকে এখন অটোত চিকিৎসালয়লৈ লৈ যায়। তাৰ কিছু ঘণ্টাৰ পিছত চিকিৎসাধীন অৱস্থাত তেওঁৰ মৃত্যু হয়। উল্লেখ্য যে বনৰীয়া গাহৰি চিকাৰ কৰিবলৈ বহুতে এনে থলুৱা বোমা ব্যৱহাৰ কৰে। মূলতঃ এই বিস্ফোৰক সংস্পৰ্শ বা চাপত বিস্ফোৰণ ঘটে আৰু আনকি মৃত্যুও হ’ব পাৰে। এই ঘটনাত গ্ৰেপ্তাৰ হোৱা ৰামভগতৰ বিৰুদ্ধে বিএনএছৰ ১০৫ নং ধাৰা (অনিচ্ছাকৃতভাৱে মৃত্যু ঘটোৱা, যিটো হত্যাৰ সমান নহয়) আৰু বিস্ফোৰক পদাৰ্থ আইনৰ ৩ আৰু ৪ নং ধাৰাত আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে। যুৱকজনক কি উদ্দেশ্যত বিস্ফোৰক খুৱাইছিল আৰু অভিযুক্তই এই বোমাটো ক’ৰ পৰা পাইছিল, তদন্তকাৰীয়ে এই বিস্ফোৰক ক্ৰয় বা যোগানৰ ক্ষেত্ৰত আৰু কোনো লোক জড়িত আছে নেকি সেই বিষয়েও তদন্ত আৰম্ভ কৰা হৈছে।










