
কালীপূজা আৰু দীপাৱলীৰ আৰম্ভণিতে আজি ডিফু চহৰত সংঘটিত হয় এক অঘটন। চহৰখনৰ পানবাৰীত অৱস্থিত শনিমন্দিৰৰ কাষতে থকা এখন গাড়ী ৰখা গেৰেজত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়।

এই অগ্নিকাণ্ডত গেৰেজত ৰখাই থোৱা AS 01 MB 7168 নম্বৰৰ এখন মাৰুতি অল্ট’ গাড়ী আৰু এখন স্কুটি সম্পূৰ্ণৰূপে জ্বলি ছাই হয়। লগতে গাড়ী ৰখা ঘৰটোও সম্পূৰ্ণৰূপে ভস্মীভূত হোৱাৰ উপৰি ঘৰৰ ভিতৰত থকা অন্যান্য সামগ্ৰীও জুইত জাহ যায়।
ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ দুখন গাড়ী উপস্থিত হৈ জুই নিৰ্বাপণ কৰাৰ লগতে অগ্নিকাণ্ডটো আন ঠাইলৈ বিয়পি পৰাৰ পৰা ৰক্ষা কৰে।প্ৰাথমিক পৰ্যায়ত কালীপূজাৰ ফটকাৰ পৰাই এই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি সন্দেহ কৰা হৈছে।
জুইত ভস্মীভূত হোৱা গাড়ী আৰু স্কুটিখনৰ মালিক তথা ডিফু বজাৰৰ ব্যৱসায়ী ৰিংকন দেৱে সাংবাদিকৰ আগত জানিবলৈ দিয়ে যে অগ্নিকাণ্ডৰ খবৰ পোৱাৰ লগে লগে তেওঁ ঘটনাস্থলীলৈ ঢাপলি মেলিছিল যদিও তেতিয়ালৈকে সকলো শেষ হৈ গৈছিল। এই অগ্নিকাণ্ডত প্ৰায় কেইবা লাখ টকাৰ সম্পত্তি ধ্বংস হোৱা বুলিও তেওঁ জানিবলৈ দিয়ে।













