
ৰংবং তেৰাঙলৈ ৰামানুজন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ২০২৬ বৰ্ষৰ শৈক্ষিক বঁটা আগবঢ়োৱা হৈছে। অসমীয়া সাহিত্য জগতলৈ বিশেষ অৱদান আগবঢ়োৱাৰ বাবে ‘ৰংমিলিৰ হাঁহি’ৰ স্ৰষ্টা পদ্মশ্ৰী ৰংবং তেৰাঙক নগাঁৱৰ ৰামানুজন উচ্চতম বিদ্যালয়ে এই বঁটা প্ৰদান কৰে। বিদ্যালয় পৰিয়ালৰ হৈ শিক্ষক-শিক্ষয়িত্ৰী তথা কৰ্মচাৰীসকলে ৰাজ্যৰ বিশিষ্ট সাহিত্যিকগৰাকীৰ ডিফুস্থিত বাসভৱনত তেওঁক এই বঁটা প্ৰদান কৰে। এই বঁটাত আছে গামোচা, চেলেং আৰু মানপত্ৰ।
উল্লেখ্য যে ৫ ছেপ্টেম্বৰৰ শিক্ষক দিৱস উপলক্ষে সেইদিনা তেওঁক এই বঁটা প্ৰদান কৰা কথা আছিল। কিন্তু শাৰীৰিক অসুস্থতাৰ বাবে তেওঁক সেইদিনা এই বঁটা প্ৰদান কৰিব পৰা নাছিল। ইয়াৰ পিছত সোমবাৰে ডিফুস্থিত বাসভৱনত তেওঁক এই বঁটা প্ৰদান কৰা হয়। আনহাতে, বঁটা গ্ৰহণ কৰি অতিশয় আনন্দিত ৰংবং তেৰাঙে এই বঁটাক তেওঁৰ বাবে এক বিৰল স্বীকৃতি বুলি উল্লেখ কেৰ। লগতে বিশিষ্ট সাহিত্যিকগৰাকীক বঁটা প্ৰদান কৰিবলৈ পাই ৰামানুজন পৰিয়ালে নিজকে নিজকে সৌভাগ্য বুলি প্ৰকাশ কৰে।













