
কাৰ্বি আংলঙৰ লাংহিন ঠিলাপাৰা গাঁৱত নিশা উত্তপ্ত পৰিস্থিতি। কাৰ্বি আংলঙৰ লাংহিনৰ ঠিলাপাৰা গাঁৱৰ পৰা আহিছে এক চাঞ্চল্য্যকৰ খবৰ। অনুষ্ঠানস্থলীত ব্যাপক লণ্ডভণ্ড আৰু অগ্নিসংযোগ। ‘চান্দুম’ ছবি উপভোগ কৰিব নোপোৱাত ৰাইজ উত্তেজিত। কমিটিৰ পৰা টিকট ক্ৰয় কৰিও ৰৈ থাকিব লগা হ’ল বহু সময়। ভাঙি চূৰমাৰ কৰা হ’ল শতাধিক প্লাষ্টিকৰ চকী, দাও দাওকৈ জ্বলি উঠিল জুই। ‘বি বইজ’ৰ ছবি উপভোগ কৰিব নোপোৱাত ভাঙি চূৰমাৰ কৰা হ’ল শতাধিক প্লাষ্টিকৰ চকী, দাও দাওকৈ জ্বলি উঠিল জুই। সম্প্ৰতি সমগ্ৰ ঘটনাৰ দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। বৰ্তমান এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ লাংহিন অঞ্চলত তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে।













