
অমৃতপ্ৰভা মহন্তৰ পিছত এইবাৰ সন্দীপন গাৰ্গ। জুবিন গাৰ্গ হত্যা গোচৰৰ আন এক প্ৰধান অভিযুক্ত সন্দীপন গাৰ্গো (Sandeepan Garg) ওলাই আহিল মুকলি আকাশৰ তললৈ। প্ৰায় এবছৰ ধৰি বাক্সাৰ নিকাছি কাৰাগাৰত বন্দী হৈ থকাৰ পিছত সোমবাৰে মুকলি আকাশৰ তললৈ ওলাই আহে জুবিন গাৰ্গৰ সম্পৰ্কীয় ভাতৃ তথা জুবিন গাৰ্গ হত্যা গোচৰৰ অন্যতম অভিযুক্ত সন্দীপন গাৰ্গ৷ উল্লেখ্য যে কেইদিনমান পূৰ্বে গুৱাহাটী উচ্চ ন্যায়ালয়ে সন্দীপন গাৰ্গৰ জামিন মঞ্জুৰ (Bail approved) কৰিছিল। ইয়াৰ পাছত প্ৰয়োজনীয় আইনী প্ৰক্ৰিয়া সমাপন কৰি সোমবাৰে এক নতুন ৰূপত জিলা কাৰাগাৰৰ পৰা মুকলি আকাশৰ তললৈ ওলাই আহে সন্দীপন গাৰ্গ ৷

উল্লেখ্য যে ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ সময়ত তেওঁৰ সৈতে আছিল জুবিন গাৰ্গৰ সম্পৰ্কীয় ভাতৃ তথা আৰক্ষী বিষয়া সন্দীপন গাৰ্গ। ইয়াৰ পিতে অসমত ৰুজু হোৱা জুবিন গাৰ্গক হত্যা গোচৰত তেওঁ বিগত সময়ছোৱা কাৰাবন্দী হৈ আছিল ৷












