
দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ফকিৰগঞ্জত (Fakirganj) সংঘটিত হৈছে এক হ্ৰদয়বিদাৰক পথ দুৰ্ঘটনা (Road accident)। এখন তীব্ৰ বেগী ই-ৰিক্সাৰ প্ৰচণ্ড খুন্দাত থিতাতে নিহত হয় জুলেখা খাতুন নামৰ এগৰাকী কণমানি ছোৱালী। এই মৰ্মান্তিক ঘটনাই সমগ্ৰ অঞ্চলটোত গভীৰ শোকৰ ছাঁ পেলাইছে।

ফকিৰগঞ্জ অঞ্চলৰ হামিদাবাদ গাঁৱৰ বাসিন্দা দেলবাৰ আলীৰ কমানি কন্যা জুলেখা খাতুনে পথৰ কাষত থকা অৱস্থাত এখন বগা ৰঙৰ তীব্ৰ বেগী ই-ৰিক্সাই তাইক সজোৰে খুন্দা মাৰে। দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে কণমানিজনীয়ে ঘটনাস্থলীতেই প্ৰাণ হেৰুৱায়।
হঠাৎ ঘটা এই দুৰ্ঘটনাটোৱে শোকস্তব্ধ কৰি তুলিছে নিৰীহ কণমানিজনীৰ পৰিয়ালটোক। পৰিয়ালৰ লোকসকলৰ কান্দোন আৰু আত্মনাদে বৰ্তমান হামিদাবাদ গাঁৱৰ পৰিৱেশ গধুৰ কৰি তুলিছে। ইফালে, এনে বেপৰোৱাভাৱে ই-ৰিক্সা চলোৱা চালকসকলৰ বিৰুদ্ধে স্থানীয় জনতাৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু প্ৰশাসনক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে।










