
আজি কাৰ্বি আংলং আৰক্ষীয়ে প্ৰায় ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কৰে। জব্দ কৰা মৰ্ফিনখিনিৰ মূল্য আন্তৰাষ্ট্ৰীয় বজাৰত প্ৰায় ৩ কোটি টকা। ডিলাই চেক গে’টত এই ড্ৰাগছখিনি জব্দ কৰাৰ লগতে ইয়াৰ সৰবৰাহত জড়িত তিনিজন লোকক আটক কৰে। সোমবাৰে সন্ধিয়া ডিলাই চেক গে’টত ডব্লিউ বি-০৬-জে-৪৭৩২ পঞ্জীয়ন নম্বৰৰ এখন ছুইফট গাড়ীত এই ড্ৰাগছখিনি আৰক্ষীয়ে উদ্ধাৰ কৰে।

আৰক্ষীৰ নিয়মীয়া তালাচী অভিযানৰ সময়ত গাড়ীখন ৰখাই তালাচী চলোৱাৰ সময়তে গাড়ীৰ বেটাৰীৰ ভিতৰত আৰু দুজনৰ জোতাত এই মৰ্ফিনখিনি লুকুৱাই থোৱা অৱস্থাত উদ্ধাৰ কৰা হয়। জব্দ কৰা মৰ্ফিনখিনিৰ ওজন প্ৰায় ৩ কেজি আৰু ইয়াৰ বজাৰ মূল্য প্ৰায় ৩ কোটি টকা বুলি জানিব পৰা গৈছে। গাড়ীখন মণিপুৰৰ পৰা গুৱাহাটী অভিমুখে গৈ আছিল। এই ঘটনাৰ লগত জড়িত এগৰাকী মহিলা আৰু দুজন পুৰুষক গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁলোক মণিপুৰৰ বাসিন্দা বুলি জানিব পৰা গৈছে।













