
ডিফু সাহিত্য সভাৰ উদ্যোগত সাস্কৃতিক উপসমিতিৰ সহযোগত আজি ডিফুৰ লৰুলাংছৰ ৰাংছিনা সাংস্কৃতিক প্ৰেক্ষাগৃহত সুৰৰ জোনাক জুবিন সংগীত প্ৰতিযোগিতা আয়োজন কৰা হ’য়। এই উপলক্ষে কাৰ্য্যসূচীৰ অনুসৰি কাৰ্বি জনগোষ্ঠীৰ সংগীত আদিগুৰু ৰাংছিনা ছাৰ্পৰ প্ৰতিমূৰ্ত্তিক বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাৰ নিবেদন কৰা হ’য় ।

মুল কাৰ্য্যসূচীৰ অংশ হিচাপে জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে মুখ্য প্ৰজ্বলক আৰু প্ৰজ্বলক ক্রমে ডিমাছা সাহিত্য সভাৰ উপ সভাপতি সত্য কেমপ্ৰাই আৰু ডিফু বাংলা সাহিত্য , কলা ও সাস্কৃতিক পৰিষদৰ সভাপতি গৌতম ৰয়ে। প্ৰতিযোগিতাৰ ক,খ আৰু গ’ৰ তিনিও শাখাৰ আনুষ্ঠানিক ভাৱে মুকলি কৰে ঐতিহ্যমণ্ডিত ডিফু ক্লাৱৰ সভাপতি ৰবীন গোস্বামীয়ে।
গোস্বামীয়ে জুবিনক নৱ প্ৰজন্মৰ হিয়াৰ আমঠু বুলি উল্লেখ কৰি জুবিন অকাল মৃত্যুৰ পাছতহে বহুতেই জুবিনক জনতাৰ শিল্পী হিচাপে চিনি পোৱা বুলি তেওঁ মন্তব্য কৰে। জুবিনৰ বিভিন্ন সংগীতৰ প্ৰতিযোগিতাত বিচাৰক ৰূপে অংশ গ্ৰহণ কৰে বিশিষ্ট শিল্পী ছেমচন ইংতি, ৰাজীৱ ক্র আৰু অন্যান্য শিল্পী সকল।
অহা 19 ছেপ্টেম্বৰত ডিফু ক্লাৱত আয়োজন কৰা বিশেষ অনুষ্ঠানত প্ৰতিযোগিতাত বিজয়ী হোৱা শিল্পী সকলক পুৰস্কাৰ সমুহ প্ৰদান কৰা হব।













